Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

Table of Content

গুৱাহাটীৰ দাঁতিকাষৰীয়া গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লয় ফটাশিলৰ এজন যুৱকে। তিনিজন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সলিল সমাধি ঘটা যুৱকজনক ফটাশিলৰ নিখিল ঝা (২৫) বুলি চিনাক্ত কৰা হৈছে। কালি অসম-মেঘালয় সীমান্তৱৰ্তী জালুকপাহামত সংঘটিত হয় এই কৰুণ ঘটনা। নিখোজ হোৱাৰ পিছৰে পৰা চলোৱা এক ব্যাপক অভিযানৰ অন্তত আজি পুৱা উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ।

প্ৰাপ্ত তথ্য অনুসৰি, দেৱেশ, পদ্ম আৰু অমন চেত্ৰী নামৰ তিনিজন বন্ধুৰ সৈতে নিখিলে কালি দুপৰীয়া বাইকেৰে গৈছিল জালুকপাহামলৈ। তাত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ পিছত সন্ধিয়া প্ৰায় ৫.৩০ বজাত গা ধুবলৈ জলপ্ৰপাতত নামিছিল তেওঁলোক। ইয়াৰ কিছু সময়ৰ পিছতে নিখিল জলপ্ৰপাতৰ গভীৰ পানীত ডুব যোৱাত লগত থকা বন্ধু তিনিজনৰ মাজত হাহাকাৰ লাগে। ঘটনা সন্দৰ্ভত কোনো লোকে গড়চুক থানাক অৱগত কৰে যদিও ঘটনাস্থলী ৰাণী আৰক্ষী চকীৰ অধীনত হোৱা বাবে সংশ্লিষ্ট চকীখনক জনায় আৰক্ষীয়ে। ইয়াৰ পিছতে ৰাণী আৰক্ষী আৰু এছ ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় যদিও নিশাৰ আন্ধাৰ আৰু ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰকাৰ্য স্থগিত ৰাখিবলগীয়া হয়।

আজি পুৱা এছ ডি আৰ এফ আৰু পলাশবাৰী থানাৰ আৰক্ষীৰ দলে পুনৰ অভিযান আৰম্ভ কৰি কিছু সময়ৰ ভিতৰতে নিখিলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা নিখিলৰ আত্মীয়ৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া দুৰ্ঘটনাবশতঃ পানীত বুৰি হোৱা মৃত্যু বুলি ধাৰণা কৰিছে যদিও পৰিয়ালৰ লোকে নিখিলৰ সৈতে থকা তিনি বন্ধুৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে, বিগত সময়ছোৱাত গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ গুৱাহাটীৰ কেইবাজনো যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us