Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

‘অপাৰেচন সেন্দূৰ’ক লৈ প্ৰাক্তন চিডিএছ অনিল চৌহানৰ বিস্ফোৰক তথ্য; কিৰাণা হিলছ আৰু চাৰগোধা আক্ৰমণৰ আঁৰৰ কাহিনী ফাদিল

Table of Content

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত চলোৱা ‘অপাৰেচন সেন্দূৰ’ সম্পৰ্কে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথা অজ্ঞাত তথ্য পোহৰলৈ আনিছে ভাৰতৰ প্ৰাক্তন চিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল অনিল চৌহানে। নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ সদৰী কৰে যে চাৰগোধাত ভাৰতীয় বায়ুসেনাই আক্ৰমণৰ চূড়ান্ত প্ৰস্তুতি চলাই থকাৰ সময়তে পাকিস্তানে পুৱা প্ৰায় ১০ বজাত ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছিল। কিন্তু বায়ুসেনা প্ৰধানে আক্ৰমণ চলাই যোৱা সম্পৰ্কে সোধাত তেওঁ কোনো দ্বিধাবোধ নকৰি ‘আক্ৰমণ চলাই যোৱা’ৰ নিৰ্দেশ দিছিল।

প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি স্কাৰ্দুক বিকল্প লক্ষ্য হিচাপে লোৱা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰিকল্পনা সলনি কৰি ভোলৰীক লক্ষ্য কৰা হয়। আটাইতকৈ চাঞ্চল্যকৰ বিষয় আছিল পাকিস্তানৰ পাৰমাণৱিক ঘাটি হিচাপে পৰিচিত কিৰাণা হিলছৰ ঘটনা। জেনেৰেল চৌহানে স্পষ্ট কৰি দিয়ে যে কিৰাণা হিলছক ভাৰতে ইচ্ছাকৃতভাৱে লক্ষ্য কৰা নাছিল; চাৰগোধাৰ ৰাডাৰ সন্ধানৰ বাবে প্ৰেৰণ কৰা এটা ‘লয়টাৰিং মুনিচন’ (দ্ৰোণ/ক্ষেপণাস্ত্ৰ) লক্ষ্য বিচাৰি নোপোৱাত কিৰাণা হিলছৰ পাহাৰত আঘাত হানে।

ভাৰতৰ যুদ্ধ ৰণনীতিৰ মূল লক্ষ্যই আছিল সংঘাতৰ ‘অন্তিম আঘাত’ বা ‘বিজয়ৰ ধ্বনি’ ভাৰতৰ তৰফৰ পৰাই যাতে আহে। যুদ্ধক্ষেত্ৰৰ সঠিক সজাগতা, তিনি বাহিনীৰ শক্তিশালী সমন্বয় আৰু স্পষ্ট ৰাজনৈতিক সিদ্ধান্তই এই অভিযানত ভাৰতক বৃহৎ সফলতা আনি দিছিল বুলি তেওঁ উল্লেখ কৰে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us