Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Paromita

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ৰাম মন্দিৰৰ দান কেলেংকাৰীতকৈও ডাঙৰ ৱাকফ কেলেংকাৰী! তদন্তৰ দাবীত যোগীলৈ পত্ৰ

ৰাম মন্দিৰত ভক্তৰ দান আত্মসাতৰ অভিযোগক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ ৱাকফ সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী মুছলমান ধৰ্মগুৰুৱে। উত্তৰ প্ৰদেশৰ দুয়োখন ৱাকফ ব’ৰ্ডত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনালে অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি মৌলানা শ্বাহাবুদ্দিন ৰাজভী বাৰেলভীয়ে। সংবাদমেলত মৌলানা ৰাজভীয়ে কয়, “ৰাম মন্দিৰৰ দান কেলেংকাৰীৰ...

২৭ জনক বিদেশী ঘোষণা কৰা হাই ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ; নতুনকৈ শুনানিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিদেশী ঘোষণা কৰা ২৭ জনৰ গোচৰ নতুনকৈ বিচাৰৰ পথ মুকলি কৰি গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক আইন অনুসৰি পুনৰ শুনানি গ্ৰহণৰ নিৰ্দেশ দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। বিচাৰপতি বিক্ৰম নাথ আৰু বিচাৰপতি সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰে যে নাগৰিকত্ব বা বিদেশী হিচাপে কাৰোবাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া...

অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান

অসম আৰু নেপালী সাহিত্য জগতক শোকস্তব্ধ কৰি চিৰবিদায় ল’লে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা পদ্মশ্ৰী গীতা উপাধ্যায়ে। সাহিত্য, অনুবাদ আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সন্মানিত এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইবছৰেই লাভ কৰিছিল সতী সাধনী বঁটা। বৰ্তমানৰ বিশ্বনাথ জিলাৰ গংমথান গাঁৱত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায়ে লেখিকা, অনুবাদক, শিক্ষাবিদ আৰু সমাজকৰ্মী হিচাপে সুদীৰ্ঘ সময় ধৰি সুনাম অৰ্জন কৰিছিল।...

সন্তানসম্ভৱা বোৱাৰীক হত্যা কৰি মৃতদেহ পুতিলে চোতালত, বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য

বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত হাজাৰীপাৰা গাঁৱত সংঘটিত হৈছে এক জঘন্য আৰু লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী সন্তানসম্ভৱা বোৱাৰীৰ মৃতদেহ। নিহত মহিলাগৰাকী গাঁৱৰে বাসিন্দা হাকিমুল কৰিমৰ দ্বিতীয় পত্নী ছাহেবা বিবি বুলি চিনাক্ত কৰা হৈছে। এই নৃশংস হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত স্বামী আৰু তেওঁৰ প্ৰথমা...

গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ দাঁতিকাষৰীয়া গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লয় ফটাশিলৰ এজন যুৱকে। তিনিজন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সলিল সমাধি ঘটা যুৱকজনক ফটাশিলৰ নিখিল ঝা (২৫) বুলি চিনাক্ত কৰা হৈছে। কালি অসম-মেঘালয় সীমান্তৱৰ্তী জালুকপাহামত সংঘটিত হয় এই কৰুণ ঘটনা। নিখোজ হোৱাৰ পিছৰে পৰা চলোৱা এক ব্যাপক অভিযানৰ অন্তত আজি পুৱা উদ্ধাৰ কৰা হয়...

হোম ষ্টে’ত তাণ্ডৱ চলাই পলায়ন; ছয় অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

অতিথিশালাত তাণ্ডৱ চলাই ক্ষতিসাধন কৰাৰ অভিযোগত এইবাৰ ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। অভিযুক্তসকলৰ ভিতৰত তিনিজন প্ৰাপ্তবয়স্ক আৰু তিনিজন নাবালক। আদালতত হাজিৰ কৰাৰ পিছত জামিনত মুকলি পায় আটাইকেইজনে। ১১ জুলাইত শ্বিলঙৰ ৰিছা কলনীত অৱস্থিত ‘অ’ক’ নামৰ হোম ষ্টে’ৰ কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। অভিযোগ অনুসৰি, কেইবাজনো লোকে অতিথিশালাৰ কৰ্মচাৰীক ভাবুকি প্ৰদান কৰাৰ লগতে সম্পত্তিৰ...

অব্যাহত বান-ভূমিস্খলনৰ সংহাৰ; অৰুণাচলত পুনৰ ধ্বস, ব্যাহত সীমান্তমুখী ৰাষ্ট্ৰীয় ঘাইপথ

অৰুণাচল প্ৰদেশত এতিয়াও ঘূৰি অহা নাই স্বস্তি। অব্যাহত বৰষুণৰ মাজতে এইবাৰ পুনৰ ভূমিস্খলনে জোকাৰি গ’ল পশ্চিম কামেং জিলা। ধ্বংসৰ ফলত ব্যাহত হৈছে সীমান্ত সংযোগী গুৰুত্বপূৰ্ণ বালিপাৰা-চাৰদুৱাৰ-তাৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত, আনহাতে আগন্তুক কেইদিনো ৰাজ্যখনত প্ৰবল বৰষুণ অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অবিৰত বৰষুণৰ ফলত পাহাৰৰ ঢাল পানীৰে সংপৃক্ত হৈ পৰাত পশ্চিম কামেং জিলাৰ...

কাছাৰত ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সফলতা; জব্দ ৩ হাজাৰ য়াবা টেবলেট, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

মাদক সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুনৰ লাভ হৈছে এক উল্লেখযোগ্য সফলতা। এইবাৰ কাছাৰত আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। নিশাৰ অভিযানত জব্দ কৰা হ’ল বজাৰত লাখ লাখ টকাৰ মূল্যৰ ৩ হাজাৰ নিষিদ্ধ য়াবা টেবলেট। বিশেষ সূত্ৰৰ ভিত্তিত কাটিগড়া আৰু কালাইন আৰক্ষী থানাৰ যৌথ দলে কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত কে এইচ পথৰ লাটিমাৰা এলেকাত এই...

মেৰামতিৰ কাম পৰিদৰ্শনৰ সময়তে দেৱাল খহি মৃত্যু চৰকাৰী চিকিৎসকৰ

কৰ্তব্য পালন কৰোঁতেই প্ৰাণ গ’ল এগৰাকী চৰকাৰী চিকিৎসকৰ। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি থকা সময়তে দেৱাল খহি পৰাত মৃত্যু হয় চিকিৎসকজনৰ। শনিবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হয় এই শোকাৱহ ঘটনা। নিহত চিকিৎসকজন হৈছে নাৰায়ণবাগাদ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ নবীন ডিমৰি। ৪৫ বছৰীয়া চিকিৎসকজন চামোলি জিলাৰ গোপেশ্বৰ সমষ্টিৰ দেৱলধাৰ গাঁৱৰ বাসিন্দা। আৰক্ষীয়ে জানিবলৈ...

বহু প্ৰত্যাশিত ডুৰাণ্ড কাপৰ বাবে সাজু উত্তৰ-পূব; মেঘালয়ত প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীক আদৰণি

বহু প্ৰত্যাশিত ফুটবলৰ মহাৰণ ডুৰাণ্ড কাপক লৈ এতিয়া উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে উচ্ছ্বাস। অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়াৰ সৰ্বপ্ৰাচীন এই ফুটবল প্ৰতিযোগিতাক কেন্দ্ৰ কৰি আয়োজক ৰাজ্যসমূহত ব্যস্ততা তুংগত থকাৰ সময়তে শনিবাৰে মেঘালয়ে উষ্ম আদৰণি জনালে প্ৰতিযোগিতাখনৰ তিনিটা ঐতিহ্যমণ্ডিত ট্ৰফীক। ট্ৰফীকেইটা শ্বিলঙত উপস্থিত হোৱাৰ লগে লগে মেঘালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ডুৰাণ্ড কাপৰ ট্ৰফী পৰিভ্ৰমণ কাৰ্যসূচী।...
1 … 28 29 30 31 32

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us