গুৱাহাটীত মহিলা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ; জব্দ ৭৮ গ্ৰাম হেৰ’ইন, উদ্ধাৰ চুৰি হোৱা মোবাইল-লেপটপ
মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ আঁৰত সক্ৰিয় আছিল চুৰি হোৱা সামগ্ৰীৰো কাৰবাৰ। মহানগৰীত এই অভিযোগতে আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা। অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে একাধিক চুৰি হোৱা ইলেক্ট্ৰনিক সামগ্ৰী আৰু নগদ ধন। পূব গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত বশিষ্ঠ আৰক্ষী থানাৰ দলে বৰ্ণিহাটৰ আমতলা বস্তিত চলোৱা এক অভিযানত ৩০ বছৰীয়া নেহাৰ বেগমক...








