Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

কাছাৰত ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সফলতা; জব্দ ৩ হাজাৰ য়াবা টেবলেট, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

Table of Content

মাদক সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুনৰ লাভ হৈছে এক উল্লেখযোগ্য সফলতা। এইবাৰ কাছাৰত আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। নিশাৰ অভিযানত জব্দ কৰা হ’ল বজাৰত লাখ লাখ টকাৰ মূল্যৰ ৩ হাজাৰ নিষিদ্ধ য়াবা টেবলেট।

বিশেষ সূত্ৰৰ ভিত্তিত কাটিগড়া আৰু কালাইন আৰক্ষী থানাৰ যৌথ দলে কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত কে এইচ পথৰ লাটিমাৰা এলেকাত এই অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে ৩ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰাৰ লগতে হাছান আহমেদ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্তজন কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত লাহমালি গাঁৱৰ আব্দুল মতিনৰ পুত্ৰ।

জব্দ কৰা য়াবা টেবলেটখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ঘটনাৰ সন্দৰ্ভত মাদক দ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থ নিয়ন্ত্ৰণ আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এই মাদকখিনিৰ উৎস, সৰবৰাহৰ গন্তব্যস্থান আৰু চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us