চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ
ঘৰৰ ভিতৰত অহৰহ চি চি টিভিৰে চোৰাংচোৱাগিৰি, নিশাৰ পাৰ্টী কৰাত কঠোৰ বাধা আৰু সামান্য খৰচৰ বাবেও বিচাৰিবলগীয়া হৈছিল হাত খৰচ। এক অভিজাত পৰিয়ালৰ ভিতৰচৰাত পুঞ্জীভূত হৈ থকা এনে ক্ষোভৰ ভয়ংকৰ পৰিণতি হিচাপে সংঘটিত হ’ল এক নৃশংখ হত্যাকাণ্ড। উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ এটা ফ্লেটৰ ভিতৰতে ঔষধ ব্যৱসায়ী বিনীত মিনোচাক ২৬ বাৰ চুৰিকাঘাত কৰি হত্যা কৰা ঘটনাত...








