Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নৱৰাত্ৰিৰ গৰ্বা-ডাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ ভি এইচ পিৰ! কপালত থাকিব লাগিব তিলক

Table of Content

আসন্ন নৱৰাত্ৰি উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো মুছলমানে। মহাৰাষ্ট্ৰত এই নিষেধাজ্ঞা আৰোপ কৰি দেশজুৰি তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে বিশ্ব হিন্দু পৰিষদে। অহা মাহত ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া গৰ্বা আৰু ডাণ্ডিয়া কাৰ্যসূচীত মুছলমান লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰে হিন্দুত্ববাদী সংগঠনটোৱে।

অনুষ্ঠানস্থলীত যাতে কোনো অহিন্দু লোকে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে আয়োজকসকললৈ কেতবোৰ নিৰ্দিষ্ট চৰ্ত বান্ধি দিয়ে ভি এইচ পিয়ে। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ হিন্দু পৰিচয় নিশ্চিত কৰাৰ ব্যৱস্থা আয়োজকসকলেই গ্ৰহণ কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে। ইয়াৰ বাবে অনুষ্ঠানৰ প্ৰৱেশদ্বাৰত পৰিচয়-পত্ৰ পৰীক্ষাৰ সুকীয়া ব্যৱস্থা ৰখাৰো নিৰ্দেশ জাৰি কৰিছে সংগঠনটোৱে।

ইফালে, উৎসৱৰ দিন চমু চাপি অহাৰ সময়তে সংগঠনটোৰ এই স্থিতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন মহল। ৰাজহুৱা স্থানত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত এনেদৰে ধৰ্মীয় পৰিচয়ৰ ভিত্তিত নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰা কাৰ্যক লৈ এতিয়া তীব্ৰ চৰ্চা অব্যাহত আছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us