Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

প্ৰায় আধা ঘণ্টা পূৰ্বে পাতিছিল পৰিয়ালৰ সৈতে কথা! তাৰ পিছতে সূদুৰ সমুদ্ৰৰ বুকুত মৃত্যু ভাৰতীয় নাৱিকৰ

Table of Content

পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে কথা পতাৰ কেইটামান মুহূৰ্তৰ পিছতে সুদুৰ সমুদ্ৰৰ বুকুত মৃত্যুৰ কোলাত শুই পৰিল এজন ভাৰতীয় নাৱিক। ওমান উপকূলৰ সমীপৰ কৌশলগত হৰমুজ প্ৰণালীত এখন বাণিজ্যিক জাহাজত সংঘটিত আকাশী আক্ৰমণত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ পুণেৰ মাৰ্চেণ্ট নেভীৰ অভিযন্তা হেৰম্ভ কৰমৰকাৰে। ইৰান-আমেৰিকা সংঘাতৰ মাজতে সংঘটিত এই ঘটনাত আন কেইবাজনো ভাৰতীয় নাগৰিকো আহত হয়। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, হেৰম্ভ কৰমৰকাৰ ‘এমভি জিএফএছ গেলেক্সি’ নামৰ বাণিজ্যিক জাহাজখনত অভিযন্তা হিচাপে কৰ্মৰত আছিল। দেওবাৰে নিশা ২:৪৯ বজাত তেওঁ পুণেস্থিত পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে ফোনত কথা পাতে। তাৰ মাত্ৰ ৪১ মিনিটৰ পিছতে, পুৱতি নিশা প্ৰায় ৩:৩০ বজাত ওমানৰ সামুদ্ৰিক সীমাৰ ওচৰত জাহাজখন লক্ষ্য কৰি আকাশমাৰ্গেৰে আক্ৰমণ চলোৱা হয়।

আক্ৰমণৰ লগে লগে জাহাজখনৰ ইঞ্জিন কক্ষৰ ওচৰত ভয়ংকৰ অগ্নিকাণ্ডৰ সূচনা হয়। সেই সময়ত কৰ্তব্যৰত হৈ থকা হেৰম্ভ কৰমৰকাৰ অগ্নিকাণ্ডত আৱদ্ধ হৈ পৰে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু ঘটে। জাহাজখনত থকা মুঠ ২৪ জন লোকৰ ভিতৰত আন ২৩ জনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়।

মঙলবাৰে জাহাজ পৰিচালনাকাৰী কোম্পানীয়ে পৰিয়ালক তেওঁৰ মৃত্যুৰ খবৰ দিয়ে।

ঘটনাক লৈ ভাৰত চৰকাৰে ইৰানৰ ওচৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনায় যে, নতুন দিল্লীত থকা ইৰান দূতাবাসৰ উপ-মুখ্য কূটনীতিবিদক তলব কৰি আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক পথত এনে আক্ৰমণ তৎকালেই বন্ধ কৰাৰ লগতে জাহাজ চলাচলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনোৱা হৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাতে পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ সামৰিক অভিযানৰ পিছত হৰমুজ প্ৰণালীৰে চলাচল কৰা একাধিক বাণিজ্যিক জাহাজ আক্ৰমণৰ সন্মুখীন হৈছে। বিশ্বৰ সৰ্বাধিক ব্যস্ত তেল পৰিবহণ পথসমূহৰ অন্যতম এই হৰমুজ প্ৰণালীত সৃষ্টি হোৱা অস্থিৰতাই আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা আৰু বাণিজ্যিক জাহাজ চলাচলক লৈ সৃষ্টি কৰিছে নতুন উদ্বেগৰ।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us