ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি
ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বানৰ সংহাৰ অব্যাহত আছে ৷ বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে ৷ শুকুৰবাৰে পুনৰ শিৱসাগৰ জিলাৰ নাজিৰাত আৰু চৰাইদেউ জিলাৰ সোণাৰিত বানত মৃত্যু হোৱা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে...








