Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহাইৰ ৷ অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহায়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছ ২০২৬ৰ অভিযান আৰম্ভ কৰে ৷জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙক ৫-০ ত পৰাস্ত কৰে ৷ ইয়াৰ লগতে তেওঁ এছিয়ান...

আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ

বৃহস্পতিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নেপালৰ ভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে বিগত ৭২ ঘণ্টাত দেশখনত বৰ্তমানলৈকে প্ৰায় ১৪ জন লোকৰ মৃত্যু হৈছে ।আনহাতে, দেওবাৰে বতৰ বিজ্ঞানীয়ে দেশখনত সতৰ্কতা জাৰি কৰিছে ৷ ইফালে প্ৰশাসনে পুৱা মধ্য নেপালৰ নাৰায়ণী নদীৰ পাৰত বসবাস কৰা সকলো বাসিন্দাৰ বাবে সতৰ্কবাণী জাৰি কৰে...

ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ মিথানল সৰবৰাহৰ প্ৰস্তুতি অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ

অসমৰ ডিব্ৰুগড়ৰ পৰা মালবাহী জাহাজে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে চুবুৰীয়া বাংলাদেশলৈ মিথানল সৰবৰাহ কৰিবলৈ সাজু হৈছে বুলি এগৰাকী বিষয়াই জনায় । অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই দাবী কৰে যে ইয়াৰ দ্বাৰা স্বাধীনতাৰ পিছত পূবৰ চহৰৰ পৰা জলপথেৰে ৰপ্তানি পথ পুনৰাম্ভ হ’ব ।ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুখন জাহাজ অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে বাংলাদেশলৈ মিথানল ৰপ্তানি...

তিনি মহলীয়া অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ১১ জন আহত

হাৰিয়ানাৰ আম্বালাৰ ধুলকোটত নিৰ্মাণৰত তিনি মহলীয়া বিল্ডিং ভাঙি ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক আহত হয় ৷ ধ্বংসাৱশেষৰ তলত এতিয়াও বহু শ্ৰমিকক আৱদ্ধ হৈ আছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে জেচিবিৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ লোকক উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷এজন প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ বিশদ বিৱৰণ দি...

নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত বৃহস্পতিবাৰে দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে বৃহস্পতিবাৰে পুৱা এক্সত এটা পোষ্টত এই তথ্য নিশ্চিত কৰে ৷সেনা বিষয়াই জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ৯ বজাত মাজালতাৰ দুৰ্গম ব্ৰাটেল ছ’নে আৰু খুব্বান অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ চলাচলৰ তথ্য লাভ কৰাৰ পিছতে সেনা, আৰক্ষী...

প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ

প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ । সোণাপুৰৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ৰ ব্যাপক প্ৰস্তুতি ।প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা আৰু অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিবলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে ।১৭ ছেপ্টেম্বৰৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰাণৰ শিল্পীগৰাকীৰ পুণ্য তিথিৰ বিশেষ কাৰ্যসূচী । সমগ্ৰ অসমবাসীৰ আৱেগৰ প্ৰতীকস্বৰূপ এই দিনটোক ‘জুবিন দিৱস’ হিচাপে উদযাপন কৰাৰ বাবে জুবিনক্ষেত্ৰত এতিয়া ব্যাপক প্ৰস্তুতি...

হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ

হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। উজনি অসমত হোৱা বান বিভীষিকাময় জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত লোকসকলক উচিত সাহায্য প্ৰদানৰ ব্যৰ্থতা আৰু অনিয়মৰ বিৰুদ্ধে প্ৰথমে দিছপুৰৰ জনতা ভৱনৰ সমীপত দিনজোৰা অনশন কাৰ্যসূচীত বহিছিল যদিও আৰক্ষীৰ হেঁচাৰ ফলত স্থান সলনি কৰিবলগীয়া হয় বিধায়গৰাকীয়ে। বিধায়গৰাকীয়ে গণেশ মন্দিৰৰ সমীপত অনশন কাৰ্যসূচী অ্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন

আজি ১৭ ছেপ্তেম্বৰ, বৃহস্পতিবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন।প্ৰধানমন্ত্ৰী মোডীৰ পিতৃ দামোদৰ দাস মূলচান্দ মোডী আৰু মাতৃ হীৰাবেন মোডীৰ ছটা সন্তানৰ ভিতৰত তেওঁ আছিল তৃতীয় সন্তান। পৰিয়ালটো আৰ্থিকভাৱে স্বচ্ছল নাছিল। শৈশৱত বদনগৰ ৰে’লৱে ষ্টেচনত পিতৃৰ চাহৰ দোকানত কামত সহায় কৰাৰ লগতে তেওঁ স্থানীয় বিদ্যালয়ত পঢ়া-শুনা অব্যাহত ৰাখিছিল। অতি কম বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সৈতে...

ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। লগতে ১০০গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।বিশাল সত্তাৰ এগৰাকী মহান ব্যক্তি, নাম যাৰ ভূপেন হাজৰিকা ৷ যাৰ সৃষ্টিৰ মাজত প্ৰতিটো স্তৰৰ ব্যক্তিয়ে...

আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা

আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা। সোমবাৰে ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সম্পন্ন নহ’ল মৰণোত্তৰ পৰীক্ষা।বশিষ্ঠপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই এতিয়া সকলোতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীক বৰ্বৰভাৱে শিৰচ্ছেদ কৰি হত্যা কৰাৰ পিছতো তিলমানো অনুশোচনা নাই ৰামানুজৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সাংবাদিকৰ সন্মুখত পত্নীহন্তা ৰামানুজে দিলে আন এক হুংকাৰ।সাংবাদিকৰ আগত ৰামানুজে কয়, ‘‘No regrets,...
1 2 3 … 19

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us