অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ মঙলবাৰে নতুন দিল্লীত অসমৰ সাংসদসকলৰ সৈতে মিলিত হৈ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে ৷ বানত ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ সদায় অসম চৰকাৰৰ লগত থিয় দি আছে বুলি আশ্বাস প্ৰদান কৰে মোদীয়ে ৷উল্লেখ্য যে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা অসমৰ সাংসদৰ দলটোত আছিল কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, কামাখ্যা প্ৰসাদ তাছা, কৃপানাথ মাল্লা, যোগেন মহন, তেৰছ গোৱালা, কনাড পুৰকায়স্থ আৰু অমৰছিং তিচ’ ৷নিজা এক্স হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘‘অসমৰ সাংসদসকলক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাম্প্ৰতিক বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিলোঁ । ক্ষতিগ্ৰস্তসকললৈ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্ৰই অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । মই সকলোৰে সুৰক্ষা আৰু মঙ্গলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।’’








