অমৃত বৃক্ষ আন্দোলন: ১০ৰ পৰা ১৪ আগষ্টলৈ অসমত ১ কোটি গছ ৰোপণৰ লক্ষ্য
অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত ৰাজ্যজুৰি এক কোটি পুলি ৰোপণৰ উচ্চাকাংক্ষী লক্ষ্য ঘোষণা কৰিছে। এই বৃহৎ ৰোপণ অভিযান ২০২৬ চনৰ ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হ’ব। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ৭৭ সংখ্যক বন মহোৎসৱৰ কাৰ্যসূচীত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা ঘোষণা কৰে। এই অভিযানক দেশৰ ভিতৰতে পৰিৱেশ সংৰক্ষণৰ...








