যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি আৰু মণিপুৰী ভাষাক শক্তিশালী কৰাত গুৰুত্ব দিব মাইক্ৰ’ছফ্টে
মণিপুৰ মুখ্যমন্ত্ৰী যমনাম কেমচান্দ সিঙে বুধবাৰে ইম্ফলৰ মন্ত্ৰীপুখৰীৰ চিভিল চেক্ৰেটাৰিয়েটৰ মূল সন্মিলন কক্ষত প্ৰথম ৰাজ্য পৰ্যায়ৰ ডিজিটেল গভৰ্নেন্স, AI, চাইবাৰ ছিকিউৰিটি আৰু দক্ষতা বিকাশ কৰ্মশালাৰ শুভাৰম্ভ কৰে। মণিপুৰ চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগ আৰু মাইক্ৰ’ছফ্ট ইণ্ডিয়াৰ সহযোগত এই কৰ্মশালাখন আয়োজন কৰা হয়। সমবেত লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মণিপুৰে ডিজিটেলভাৱে সবল, সৰ্বাংগীন আৰু ভৱিষ্যতৰ বাবে...








