Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Dipshikha Dipshikha

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ,১৫-২০ হাজাৰ নতুন যুৱক যুৱতীক অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসম আৰক্ষী সাহস আৰু ত্যাগৰ প্ৰতীক। যোৱা ৫ বছৰত অসম আৰক্ষীয়ে শান্তি-শৃংখলা অটুট ৰাখিছে। ৰাইজৰ সেৱা কৰিবলৈ আৰক্ষীয়ে সাহস, ধৈৰ্য অটটু ৰাখিব লাগে। ৰাজ্যৰ সীমা সমস্যা দূৰ কৰিবলৈ সাহসৰ...

পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰয়োজন নাথাকিলে সোণ নিকিনিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বদেশী আৰু আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দি সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে তেওঁ এই বাৰ্তা প্ৰচাৰ কৰে। ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এটা ৰীলত প্রধানমন্ত্ৰী মোদীয়ে কয়, “প্ৰয়োজন নাথাকিলে সোণো কিনা উচিত নহয়। আমি যিমানেই স্বদেশীৰ ওপৰত গুৰুত্ব দিম, সিমানেই আত্মনিৰ্ভৰতাৰ ওপৰত জোৰ...

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

মাহটোৰ প্ৰথমটো দিনতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। তেল বিপণন সংস্থাসমূহে পুনৰ ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে। ৯.৫০ টকাকৈ বৃদ্ধি পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম। ৫ কিলোগ্ৰামৰ নন-ডমেষ্টিক চিলিণ্ডাৰৰ দামো ২ টকা বৃদ্ধি কৰি ৭৬২ টকাৰ পৰা ৭৬৪ টকা কৰা হৈছে। অৱশ্যে সাধাৰণ ৫ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰ আৰু XTRALITE-ৰ দাম অপৰিৱৰ্তিত আছে।...

ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈছে ।ইয়াৰ মাজতে মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে ।বৰষুণৰ মাজতেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত মহানগৰীৰ মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভয়াৱহ ভূমিস্খলনত নগেন...

পুনৰ উত্তপ্ত মণিপুৰ

মণিপুৰৰ কাংপোকপি জিলাত সোমবাৰে পুৱা সশস্ত্ৰ নগা বিদ্ৰোহীৰ আক্ৰমণত তিনি অসামৰিক লোক নিহত হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয়।আজি পুৱা প্ৰায় ৮ বজাত প্ৰায় ৫০জন সশস্ত্ৰ বিদ্ৰোহীয়ে কাংপোকপি জিলাৰ টেইখাং গাঁৱত প্ৰৱেশ কৰি অসামৰিক লোকক লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰে। আক্ৰমণৰ সময়ত গাঁওখনৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰা হয় বুলিও অভিযোগ উঠিছে। গুলীচালনাৰ ফলত আতংকিত গাঁওবাসীয়ে...

মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

বিশ্বজুৰি অনিশ্চয়তা, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেলৰ সংকটৰ মাজতো দেশৰ GDP বৃদ্ধিক এক বৃহৎ সফলতা বুলি অভিহিত কৰিলে মোদীয়ে।দেশৰ GDPৰ এই বৃদ্ধিক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ অৰ্থনীতিয়ে প্ৰত্যাশাতকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। প্ৰথম তিনিমাহত ভাৰতৰ জিডিপি ৭.৮% বৃদ্ধি পাইছে। উৎপাদন, সেৱা আৰু বিনিয়োগ খণ্ডৰ উৎকৃষ্ট কাম-কাজে...

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উজবেকিস্তান আৰু কিৰ্গিজস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী। ২৯ৰ পৰা ৩০ আগষ্টলৈ প্ৰধানমন্ত্ৰী থাকিব উজবেকিস্তানত। বাণিজ্য, স্বাস্থ্য, শিক্ষা আদি বিষয়ত হ’ব দ্বিপাক্ষিক বৈঠক। ইয়াৰ পাছতে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত কিৰ্গিজস্তানত থাকিব মোদী। SCO সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। এই বৈঠকতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰীৰ...

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক

শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক। চেন্নাই বিমান বন্দৰত উপস্থিত ভাৰতীয় মাছমৰীয়াসকল। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰিছিল মাছমৰীয়াকেইজনক। সামুদ্ৰিক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰি গতাই দিছিল ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ক। কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে ভাৰতীয় মাছমৰীয়াকেইজনক প্ৰেৰণ কৰিলে স্বদেশলৈ।

বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে নেপালত

নেপালৰ বানত এইপৰ্যন্ত ৬০০ জনৰ মৃত্যু হোৱাৰ লগতে ২৫০০জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ...

বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

নেপালৰ বিধ্বংসী বানৰ ফলত মৃতকৰ সংখ্যা ৬০০ৰ ওচৰ পাৱাইছেগৈ। এতিয়ালৈকে ৫৮৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২,৫০০ জন লোক নিখোজ হৈ আছে। এই প্ৰাকৃতিক দুৰ্যোগত বৃহৎ সংখ্যক ভাৰতীয়ও আৱদ্ধ হৈ পৰিছে।উল্লেখ্য যে, নেপালৰ ত্ৰিশুলি অঞ্চলত হৈ থকা প্ৰচণ্ড বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে উদ্ধাৰ অভিযান ৷ যাৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে...
1 2 3 4 18

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us