Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ৰাইজৰ দলক এৰি এআইইউডিএফৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰঃ নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপিৰ গুৰুতৰ অভিযোগ

Table of Content

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে গোপন বুজাবুজি গঢ়াৰ লক্ষ্যৰেই কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰদেশ বিজেপিয়ে উল্লেখ কৰে যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াৰ ভোট বিভাজন ৰোধৰ নামত গঢ় লোৱা কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ৰাজ্যৰ সচেতন ভোটাৰে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে।

বিধানসভা নিৰ্বাচনত মুঠ ১২৬ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০২ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ১৯ খন আসনতে সীমাবদ্ধ হৈ পৰা বুলি উল্লেখ কৰে গেৰুৱা দলে। বিশেষকৈ উজনি অসমৰ ৩৫ খন আসনৰ ভিতৰত ৩৩ খন, উত্তৰ অসমৰ ১৫ খনৰ ভিতৰত ১৪ খন আৰু মধ্য অসমৰ ১৯ খনৰ ভিতৰত ১৪ খন আসন লাভ কৰি ভোটাৰে বিৰোধীৰ এই বুজাবুজিক ধূলিসাৎ কৰাৰ পাছত মিত্ৰতা ভংগ হোৱাটো এক ‘স্বাভাৱিক পৰিণতি’ আছিল বুলি মত প্ৰকাশ কৰে শাসক পক্ষই।

বিজেপিয়ে দাবী কৰা অনুসৰি, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত বিগত কেইবাবছৰ ধৰি এক গোপন ৰাজনৈতিক বুজাবুজি অব্যাহত আছে। ২০২০ চনৰ মাৰ্চত ৰাজ্যসভা নিৰ্বাচনত অজিত কুমাৰ ভূঞাক যুটীয়াভাৱে সমৰ্থন দিয়াৰ উপৰিও ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো দুয়োটা দল আনুষ্ঠানিকভাৱে একগোট হৈছিল। ইয়াৰ উপৰিও ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰীত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি বদৰুদ্দিন আজমলৰ জয় সুগম কৰা আৰু কলিয়াবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ দৰে নিৰ্বাচনী সুবিধাবাদৰ নিদৰ্শন দাঙি ধৰে শাসকীয় পক্ষই। নগাঁৱকে ধৰি ৰাজ্যৰ ১১ টা লোকসভা সমষ্টিত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰি পৰোক্ষভাৱে কংগ্ৰেছক সহায় কৰা বুলিও বিবৃতিত উল্লেখ কৰে বিজেপিয়ে।

বিজেপিৰ অভিযোগ অনুসৰি, মুছলমান সংখ্যালঘু ভোটৰ বিভাজন ৰোধৰ অংকতেই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলতকৈ এআইইউডিএফৰ সৈতে গোপন মিত্ৰতা অধিক লাভজনক বুলি বিবেচনা কৰিছে কংগ্ৰেছে। নগাঁও উপ-নিৰ্বাচনত নিজৰ ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছে পুনৰ বদৰুদ্দিন আজমলৰ কান্ধত ভৰ দিয়াৰ চেষ্টা চলাইছে বুলি তীব্ৰ সমালোচনা কৰে গেৰুৱা শিবিৰে। অৱশ্যে বিজেপিৰ এই গুৰুতৰ অভিযোগ সন্দৰ্ভত এইপৰ্যন্ত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কংগ্ৰেছ নাইবা এআইইউডিএফে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us