Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি; নতুন লক্ষ্য ৩৫ শতাংশ নিৰ্ধাৰণ

Table of Content

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি পাইছে। ৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ অন্তত এই বৃহৎ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২১ চনত ৰাজ্যত অপৰাধীক দোষী সাব্যস্ত কৰাৰ হাৰ আছিল মাত্ৰ ৭ শতাংশ, যি হাৰ ২০২৬ চনত বৃদ্ধি পাই ২৯ শতাংশ হৈছেগৈ। পেচাদাৰী আৰক্ষী সেৱা আৰু আদালতত নিৰ্ধাৰিত সময়ত নথি-পত্ৰ দাখিল কৰাৰ ফলতেই এই অভূতপূৰ্ব পৰিৱৰ্তন সম্ভৱ হোৱা বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আয়োজিত দুদিনীয়া ৰাজ্যিক আৰক্ষী অধীক্ষক সন্মিলনৰ সামৰণি অনুষ্ঠানৰ পাছত সাংবাদিকসকলক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। তদন্ত প্ৰক্ৰিয়াৰ সকলো ত্ৰুটি দূৰ কৰি অপৰাধীৰ শাস্তি নিশ্চিত কৰাৰ বাবে জিলাসমূহৰ তদন্তকাৰী শাখাসমূহৰ শলাগ লয় শৰ্মাই। বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহ আৰু দ্ৰুতভাৱে সাক্ষীৰ জবানবন্দী নথিভুক্ত কৰাৰ ফলতেই আদালতত ৰাজ্যৰ এই সফলতাই গতি লাভ কৰিছে বুলি উল্লেখ কৰে প্ৰশাসনে।

বৰ্তমানৰ ২৯ শতাংশতে সন্তুষ্ট নাথাকি এই হাৰ ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে। আইন প্ৰয়োগকাৰী সংস্থাসমূহক এই গতিশীলতা ধৰি ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ইফালে আদালতত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ কাম-কাজ পূৰ্বতকৈ বহু উন্নত হৈছে। বৰ্তমান পঞ্জীয়ন হোৱা মুঠ ফৌজদাৰী গোচৰৰ প্ৰায় ৮০ শতাংশ গোচৰৰ চূড়ান্ত অভিযোগনামা বাধ্যতামূলক ৬০ দিন আৰু ৯০ দিনৰ আইনী সময়সীমাৰ ভিতৰত দাখিল কৰে অসম আৰক্ষীয়ে।

দেৰগাঁৱৰ সন্মিলনত জিলা আৰক্ষী অধীক্ষক আৰু জ্যেষ্ঠ বিষয়াসকলে সমগ্ৰ ৰাজ্যৰ অপৰাধৰ ধাৰা আৰু কৌশলগত অভিযানৰ পৰ্যালোচনা চলায়। গুৰুতৰ অপৰাধৰ তদন্ত প্ৰক্ৰিয়া দৈনিক নিৰীক্ষণ কৰিবলৈ আৰু অভিযোগনামাত কোনো প্ৰক্ৰিয়াগত ভুল নথকাটো নিশ্চিত কৰিবলৈ জিলা আৰক্ষী মুৰব্বীসকলক নিৰ্দেশ প্ৰদান কৰে কৰ্তৃপক্ষই। আগন্তুক দিনত আদালতৰ বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্তকৰণৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে থানাৰ তদন্তকাৰী বিষয়াৰ সৈতে বিশেষ চৰকাৰী অধিবক্তাসকলক সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us