Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পথিকৰ উদ্যোগত গুৱাহাটীত পদপথত বাস কৰা লোকৰ বাবে জনকল্যাণমূলক কাৰ্যসূচী

Table of Content

অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ এন জি চি , যোৰহাটৰ সহযোগত জনকল্যাণমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা তিনিদিনীয়া সূচীৰে গুৱাহাটীৰ পদপথত জীৱন নিৰ্বাহ কৰা বয়োজ্যেষ্ঠ লোক সকলৰ বাবে আঁঠুৱা বিতৰণ, পৰিচৰ্য্যা আৰু স্বচ্ছতাৰ সজাগতা অনুষ্ঠান  আৰম্ভ কৰা হয়। আজি পুৱাৰ ভাগত  উলুবাৰী আৰু লাচিত নগৰৰ কাষৰীয়া অঞ্চলৰ পদপথৰ লোকক এই সেৱা আগবঢ়োৱা হয়।

উল্লেখ্য যে পথিকে সামাজিক দায়বদ্ধতাৰ আঁত ধৰি বিগত ২২ বছৰে দৰিদ্ৰ লোকৰ মৃত্যু সময়ত শ্মশানৰ কাৰ্য্যত সহায়ৰ বাবে প্ৰকল্প “মুক্তিপথ”, “বিনামূলীয়া দেওবৰীয়া বহিৰ্বিভাগ”, ” মহিলাৰ স্বচ্ছতাৰ প্ৰকল্প  “শ্ৰীময়ী”, “জলস্পন্দন”, “হেঁপাহ”, “ৰক্তদূত” আদি ১৫ টা প্ৰকল্পৰে আৰ্তজনক সহায় আগবঢ়াই আহিছে। 

এই কাৰ্য্যসূচীত উপস্থিত থাকে ক্ৰমে – পথিকৰ উপ সভাপতি মিনতি বৰুৱা, প্ৰকল্প সমন্নয়ক মনালিছা মহন্ত,  প্ৰশাসক প্ৰকাশ বৰুৱা, মহিলা স্বচ্ছতাৰ পৰামৰ্শদাতা তথা সমন্বয়ক ৰাজলক্ষ্মী ৰাজশ্ৰী আৰু সঞ্চালক ভিক্টৰ ৰাজকুমাৰ। এই প্ৰকল্পৰ সময়ত কোনো বৃদ্ধলোকৰ চিকিৎসাৰ প্ৰয়োজনীয়তা চকুত পৰিলে, সেয়াও সামৰি লোৱা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us