স্বাস্থ্য খণ্ডত ডাঙৰ পদক্ষেপ: ৭২ জন বিশেষজ্ঞ নিযুক্ত, TRIHMS ত অংগ প্ৰতিস্থাপন আৰম্ভ হ’ব
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বুধবাৰে নতুনকৈ নিযুক্তি পোৱা ৭২ জন চিকিৎসা বিশেষজ্ঞক নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু ৰাজ্যখনত শীঘ্ৰেই TRIHMS ত অংগ প্ৰতিস্থাপনৰ সুবিধা আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে। “Medical Specialist Recruitment Examination–2026 ত সফল হোৱা প্ৰাৰ্থীসকলৰ অভিনন্দন-সহ-নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত আমি ৭২ জন নতুনকৈ নিযুক্তি পোৱা কনিষ্ঠ বিশেষজ্ঞক সেৱাত আদৰণি জনালোঁ,” খাণ্ডুৱে...








