পৰম্পৰা + বিজ্ঞানঃ ডেকাং গছৰ শুঁটিৰে ৰাসায়নিক মুক্ত হেণ্ডৱাছ আৱিষ্কাৰ কৰিলে আৰুণাচলৰ গৱেষকে
আৰুণাচল প্ৰদেশে দেখুৱাইছে যে জৈৱ বৈচিত্ৰ্য আৰু জনজাতীয় জ্ঞানে কেনেকৈ বহনক্ষম উদ্ভাৱনৰ পথ মুকলি কৰিব পাৰে। পূৱ চিয়াং জিলাৰ পাছিঘাটস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ সহকাৰী অধ্যাপক ড° টেমিন পয়ুম আৰু তেওঁৰ গৱেষণা দলটোৱে স্থানীয় গছ ডেকাং/ডিকা Gymnocladus burmanicus ৰ পৰা প্ৰাকৃতিক হেণ্ডৱাছ সফলতাৰে বিকাশ কৰিছে।এই পৰিৱেশ-বান্ধৱ ফৰ্মুলেচনে কৃত্ৰিম হেণ্ডৱাছৰ বাবে এটা বহনক্ষম বিকল্প আগবঢ়ায়।...








