“এখন দেশ, এখন আইন” – বৰ্ষাকালীন অধিৱেশনত ইউচিচি বিধেয়ক উত্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
এক দেশ, এক সংবিধানৰ দৰেই একে নাগৰিক আইন বলৱৎ কৰাৰ দিশত নতুন পদক্ষেপৰ ইংগিত দিলে মধ্যপ্ৰদেশ চৰকাৰে। অহা বৰ্ষাকালীন অধিৱেশনতে একক নাগৰিক বিধি (ইউচিচি) বিধেয়ক বিধানসভাত উত্থাপন কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী মোহন যাদৱে। কাটনি জিলাত এখন সন্দীপনী বিদ্যালয় উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এখন দেশত যেতিয়া এক সংবিধান, এক পতাকা আৰু এক...








