Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

৫০ ৰো অধিক শ্বহীদক স্মৰণ কৰি পশ্চিম কামেংত কাৰ্গিল বিজয় দিৱস পালন

Table of Content

ৰবিবাৰে পশ্চিম কামেং জিলাৰ ৰূপাত অনুষ্ঠিত কাৰ্গিল বিজয় দিৱসৰ উদযাপনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কে.টি. পাৰনাইকে অংশগ্ৰহণ কৰে।

ৰাজ্যপালে ৫ মাউণ্টেন ডিভিজনৰ যুদ্ধ স্মৃতিসৌধত পুষ্পমাল্য অৰ্পণ কৰি কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰ জোৱানসকলৰ অতুলনীয় সাহস আৰু সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধা জনায়।
লগতে যুদ্ধত অংশগ্ৰহণ কৰা বিষয়া আৰু জুনিয়ৰ কমিছনড বিষয়াসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে।

সৈনিকসকলক উদ্দেশ্যি ভাষণত ৰাজ্যপালে কয় যে কাৰ্গিল বিজয় দিৱসে ১৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ ঐতিহাসিক বিজয়ক স্মৰণ কৰে। এই যুদ্ধ ৮৩ দিন ধৰি বিশ্বৰ আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ উচ্চ-উচ্চতাৰ যুদ্ধক্ষেত্ৰত সংঘটিত হৈছিল।
চৰম বতৰ, দুৰ্গম ভূ-প্ৰকৃতি আৰু শত্ৰুৰ কৌশলগত উচ্চ স্থান দখলৰ মাজতো ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অতুলনীয় সাহস আৰু দৃঢ়তাৰে ভাৰতীয় ভূমিৰ প্ৰতিটো ইঞ্চি পুনৰুদ্ধাৰ কৰিছিল।

তেওঁ ৫০০ ৰো অধিক জোৱানৰ ত্যাগ স্মৰণ কৰি কেপ্তেইন বিক্ৰম বাত্ৰা, লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডে, গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ আৰু ৰাইফলমেন সঞ্জয় কুমাৰ দৰে বীৰ যোদ্ধাসকলৰ বীৰত্বৰ প্ৰশংসা কৰে।

ৰাজ্যপালে কয় যে কাৰ্গিল কেৱল সামৰিক বিজয় নাছিল, ই আছিল ৰাষ্ট্ৰীয় ঐক্যৰো বিজয়। য’ত দেশৰ সকলো নাগৰিকে সশস্ত্ৰ বাহিনীৰ পিছত অটল ভাৱে থিয় দিছিল।

তেওঁ যুৱক-যুৱতীসকলক কাৰ্গিলৰ নায়কসকলৰ সাহস, সততা আৰু নিঃস্বাৰ্থ সেৱাৰ পৰা প্ৰেৰণা লৈ বিকশিত ভাৰত@২০৪৭ ৰ দৃষ্টিভংগীত অৱদান আগবঢ়াবলৈ আহ্বান জনায়।

সীমান্ত অঞ্চলৰ গুৰুত্বৰ কথা উল্লেখ কৰি ৰাজ্যপালে কয়, “সীমান্তৰ গাঁওবোৰেই দেশৰ প্ৰথম শক্তিৰ শাৰী”। জাতীয় সুৰক্ষা আৰু সহনশীলতা বৃদ্ধিৰ বাবে আন্তঃগাঁথনি উন্নয়ন, যোগাযোগ আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

ৰাজ্যপালে সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ আৰু কৌশলগত আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। সেৱাৰত সৈনিক, প্ৰাক্তন সৈনিক আৰু সীমান্তৰ জনসাধাৰণৰ দেশপ্ৰেমৰ প্ৰতিও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us