Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ

Table of Content

বানৰ কবলত যোৰহাট: বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন, বিদেশত থকাৰ খবৰ

যোৰহাট: ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰাৰ সময়তে শিক্ষাৰ নগৰী যোৰহাটতো বানপানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। ইফালে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বহু লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে।

এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ অনুপস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে বিদেশ ভ্ৰমণলৈ যোৱা বিধায়কগৰাকী এতিয়াও সমষ্টিলৈ উভতি অহা নাই।

প্ৰাপ্ত তথ্য অনুসৰি, বিধানসভাৰ অধ্যক্ষৰ অনুমতি লৈ পৰিয়ালৰ সৈতে বিদেশত সময় অতিবাহিত কৰিছে বিধায়কগৰাকীয়ে। অৱশ্যে, এই সময়ছোৱাত তেওঁৰ সমষ্টিত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলি স্থানীয় সূত্ৰই জানিবলৈ দিছে।

বানপানীৰ দৰে জটিল পৰিস্থিতিত জনসাধাৰণৰ কাষত জনপ্ৰতিনিধিৰ উপস্থিতি আৰু সক্ৰিয় ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে একাংশ ৰাইজে। সেয়েহে বিধায়কগৰাকীৰ অনুপস্থিতিক লৈ এতিয়া সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিক মহলতো চৰ্চা আৰম্ভ হৈছে।

উল্লেখযোগ্য যে, হিতেন্দ্ৰনাথ গোস্বামীক সাধাৰণতে এগৰাকী ভদ্ৰ আৰু অভিজ্ঞ ৰাজনীতিক হিচাপে গণ্য কৰা হয়। এনে পৰিপ্ৰেক্ষিতত বানপীড়িত ৰাইজৰ মাজত তেওঁৰ অনুপস্থিতি সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

অৱশ্যে, বিধায়কগৰাকীৰ বিদেশ ভ্ৰমণ আৰু বৰ্তমানৰ অৱস্থান সন্দৰ্ভত তেওঁৰ বা তেওঁৰ কাৰ্যালয়ৰ পৰা কোনো আনুষ্ঠানিক বক্তব্য এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে লাভ কৰা হোৱা নাই।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us