Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

গ্লাছগ’ত ২৩সংখ্যক কমনৱেলথ গেমছৰ আৰম্ভ

Table of Content

বৃহস্পতিবাৰে স্কটলেণ্ডৰ গ্লাছগ’ চহৰত ২৩সংখ্যক কমনৱেলথ গেমছ আনুষ্ঠানিকভাবে আৰম্ভ হয়। স্কটলেণ্ডৰ এই ঐতিহাসিক চহৰখনে ১২ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰিছে। ভাৰতৰ হৈ উদ্বোধনী সমাৰোহত অলিম্পিক পদক বিজয়ী ভাৰোত্তোলক মীৰাবাঈ চানু আৰু বক্সাৰ লাভলীনা বৰগোহাঁয়ে পতাকা আৰু বেটন বহন কৰি ভাৰতীয় দলটোক নেতৃত্ব দিয়ে।এইবাৰৰ কমনৱেলথ গেমছ যথেষ্ট হ্ৰাস কৰা বাজেটেৰে (প্ৰায় ১৬০ নিযুত পাউণ্ড) আয়োজন কৰা হৈছে।

৭৪খন দেশৰ প্ৰায় ৩,০০০ ক্ৰীড়াবিদে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। পূৰ্বৰ তুলনাত খেলৰ সংখ্যা কমাই ১০টা মুখ্য বিভাগত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰে ৬টা বিভাগত পেৰা-স্পৰ্টছ (প্ৰতিবন্ধী ক্ৰীড়াবিদসকলৰ বাবে) অন্তৰ্ভুক্ত কৰা হৈছে। বুাকিংহাম প্ৰাসাদৰ বিশেষ বাৰ্তাৰে ৰজা তৃতীয় চাৰ্লছে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই ক্ৰীড়া মহোৎসৱ অহা ২ আগষ্টলৈকে চলিব।

এইবাৰ ভাৰতৰ ১২৩ জন ক্ৰীড়াবিদে ৮টা সাধাৰণ ক্ৰীড়া আৰু ৫টা পেৰা-ক্ৰীড়া বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিব। কুস্তি, শ্বুটিং, বেডমিন্টন, হকী আৰু ক্ৰিকেটৰ দৰে ভাৰতে পদক পোৱাৰ সম্ভাৱনা থকা খেলসমূহ এই সংস্কৰণৰ পৰা বাদ পৰাৰ বাবে পদকৰ সংখ্যাত প্ৰভাৱ পৰিব পাৰে। মন কৰিবলগীয়া যে, পৰৱৰ্তী ২০৩০ চনৰ কমনৱেলথ গেমছ ভাৰতৰ আহমেদাবাদত সম্পূৰ্ণ ১৭টা ক্ৰীড়া বিভাগেৰে ৰাঁজকীয়ভাৱে অনুষ্ঠিত হ’ব।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us