Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বছৰি ৩টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু বিনামূলীয়া বাছ যাত্ৰাঃ তামিলনাড়ুৰ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা

Table of Content

এতিয়াৰে পৰা বছৰি তিনিটাকৈ বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ লাভ কৰিব আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহে। তামিলনাড়ুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়য়ে সোমবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। ২.৫ লাখ টকাতকৈ কম বাৰ্ষিক আয় থকা পৰিয়ালসমূহহে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ’ব বুলিও তেওঁ স্পষ্ট কৰে।

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজয়ে জনায় যে ‘অন্নপূৰাণী ছুপাৰ চিক্স’ নামৰ এই আঁচনিখন ২০২৭ চনৰ পোংগল উৎসৱৰ পৰা কাৰ্যকৰী কৰা হ’ব। আঁচনিৰ অধীনত পৰিয়ালৰ গৃহকৰ্ত্ৰীগৰাকীয়েই হ’ব মূল হিতাধিকাৰী আৰু চিলিণ্ডাৰৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ’ব। ৰাজ্যখনৰ প্ৰায় ১ কোটি ৩০ লাখ পৰিয়ালে লাভ কৰিবলগীয়া এই আঁচনিৰ নামত চৰকাৰী কোষাগাৰৰ পৰা ব্যয় হ’ব প্ৰায় ৪ হাজাৰ কোটি টকা। পশ্চিম এছিয়াৰ যুদ্ধজনিত পৰিস্থিতিৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ পৰিয়ালসমূহক সকাহ দিবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

ইয়াৰ সমান্তৰালকৈ মহিলাসকলৰ বাবে দূৰণিবটীয়া, আন্তঃজিলা আৰু ডিলাক্স বাছতো বিনামূলীয়া যাতায়াতৰ সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই নতুন সুবিধাৰ অধীনত মহিলাৰ লগতে এতিয়াৰে পৰা ট্ৰান্সজেণ্ডাৰসকলেও বিনামূলীয়াকৈ বাছত যাতায়াত কৰিব পাৰিব। অহা ২ অক্টোবৰৰ পৰা ‘ভেট্টিৰি পায়ানা থিত্তম’ৰ অধীনত এই সেৱা আৰম্ভ হ’ব।

আনহাতে, চেন্নাইৰ পৰান্দুৰত প্ৰস্তাৱিত দ্বিতীয়টো বিমানবন্দৰৰ নিৰ্মাণ কাৰ্য কৃষক আৰু স্থানীয় ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে স্থগিত ৰখাৰ কথা উল্লেখ কৰি চৰকাৰে বিকল্প স্থান চিনাক্ত কৰি থকা বুলিও বিধানসভাত সদৰী কৰে মুখ্যমন্ত্ৰী বিজয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us