Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

চিকিৎসালয়ৰ এনআইচিইউত ভয়ংকৰ অগ্নিকাণ্ড! তিনি নৱজাতকৰ কৰুণ মৃত্যু

Table of Content

নিৰাপদ আশ্ৰয়স্থল হিচাপে গণ্য কৰা চিকিৎসালয়ৰ কক্ষতে সংঘটিত হ’ল এক চৰম হৃদয়বিদাৰক ঘটনা। নৱজাতক নিবিড় পৰিচৰ্যা কেন্দ্ৰত হঠাৎ জুই বিয়পি পৰাৰ ফলত প্ৰাণ হেৰুৱায় তিনিটাকৈ নিষ্পাপ নৱজাতকে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ চৰকাৰী মহিলা চিকিৎসালয়ত সোমবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত আন কেইবাটাও শিশু গুৰুতৰভাৱে আহত হয়। বদনেৰাৰ বিধায়ক ৰবি ৰাণাই ইতিমধ্যে তিনিটা শিশুৰ মৃত্যুৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।

প্ৰাথমিক তথ্য অনুসৰি, চিকিৎসালয়খনৰ তৃতীয় মহলাত থকা এনআইচিইউ কক্ষত ৩৯টা নৱজাতক চিকিৎসাধীন হৈ থকাৰ সময়তে এটা ভেণ্টিলেটৰত প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটে। জুইৰ শিখা আৰু বিষাক্ত ধোঁৱাই সমগ্ৰ কক্ষটো আৱৰি ধৰাৰ লগে লগে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে তৎপৰতাৰে আন শিশুসকলক নিৰাপদে উদ্ধাৰ কৰে। কিন্তু ধোঁৱাৰ ফলত উশাহ বন্ধ হৈ তিনিটা শিশুৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা আন ছটা শিশুক উন্নত চিকিৎসাৰ বাবে ছুপাৰ-স্পেচিয়েলিটি চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। ঘটনাৰ খবৰ পাই পৰিস্থিতিৰ বুজ ল’বলৈ চিকিৎসালয়খনত উপস্থিত হয় প্ৰাক্তন সাংসদ নৱনীত ৰাণা।

সমগ্ৰ ঘটনা সন্দৰ্ভত তৎকালীনভাৱে এক উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী চন্দ্ৰশেখৰ বাৱনকুলে কয়, “আমি ঘটনাৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছোঁ। আহতসকলক যাৱতীয় সকলো চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে আৰু চৰকাৰ দুৰ্ভগীয়া পৰিয়ালসমূহৰ কাষত আছে।”

সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছকো অৱগত কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে। উল্লেখ্য যে, ২০২১ চনৰ ৯ জানুৱাৰীত মহাৰাষ্ট্ৰৰে ভাণ্ডাৰা জিলা চিকিৎসালয়ৰ এনআইচিইউত সংঘটিত অগ্নিকাণ্ডত একেদৰেই ১০টাকৈ নৱজাতকৰ কৰুণ মৃত্যু ঘটিছিল।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us