Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

খেল অধিক শৃংখলাবদ্ধ কৰিবলৈ BCCI ৰ ডাঙৰ পদক্ষেপ, ইচ্ছাকৃত নো-বলত কঠোৰ শাস্তি

Table of Content

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬-২৭ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ বাবে খেলৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। খেলখন অধিক নিকা, শৃংখলাবদ্ধ আৰু আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যৰে মেৰিলেব’ন ক্ৰিকেট ক্লাৱৰ পৰামৰ্শ অনুসৰি এই নতুন নিয়মসমূহ প্ৰস্তুত কৰা হৈছে। কোনো বলৰে যদি ইচ্ছাকৃতভাৱে ফ্ৰন্ট-ফুট নো-বল বা পিটচত নপৰা বল কৰে, তেন্তে তেওঁক সমগ্ৰ মেচখনৰ বাবেই নিলম্বিত কৰা হ’ব। আগতে কেৱল সেইটো ইনিংছৰ বাবেহে নিলম্বন কৰা হৈছিল। মেচৰ অন্তিম ইনিংছত কোনো দলে নিজৰ ইনিংছ সমাপ্ত ঘোষণা বা পৰিত্যাগ কৰিব নোৱাৰিব। এদিনীয়া মেচৰ ‘ড্ৰিংকছ ব্ৰেক’ৰ সময়ত মুখ্য প্ৰশিক্ষক খেলপথাৰলৈ যাব পাৰিব। অহা মাহৰ পৰা ডলিপ ট্ৰফীৰ জৰিয়তে আৰম্ভ হ’বলগীয়া নতুন ছিজনৰ পৰাই এই নিয়মসমূহ কাৰ্যকৰী কৰা হ’ব। ৰাজ্যিক ক্ৰিকেট সংস্থাসমূহক ইতিমধ্যে এই বিষয়ে অৱগত কৰা হৈছে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us