Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

২০২৬ কমনৱেলথ গেমছত ভাৰতৰ বাবে প্ৰথম পদক লাভলিনাৰ

Table of Content

ভাৰতীয় তাৰকা বক্সাৰ তথা টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোহাঁইয়ে ২০২৬ চনৰ কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলিনাই মহিলাৰ ৭৫ কেজি ওজন শ্ৰেণীত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মাত্ৰ ৫ গৰাকী বক্সাৰ থকা খেলৰ তালিকাত প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰাৰ ফলত তেওঁ পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। বক্সিং প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা অসম জীয়াৰী লাভলিনাৰ এই সাফল্যই সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৭৫ কেজি ওজন শ্ৰেণীত অৱতীৰ্ণ হোৱা অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইৰ প্ৰথমটো মেচ তাৰোনা তাফাকিৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। ছেমি ফাইনেলত বিজয়ী হ’লে লভলিনাই ফাইনেলত প্ৰৱেশ কৰি সোণৰ পদক জয় কৰাৰ সোণালী সুযোগ লাভ কৰিব। ৩য় বাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা লাভলিনাৰ বাবে এই পদক অত্যন্ত বিশেষ হ’ব, কাৰণ ইয়াৰ পূৰ্বে তেওঁ কমনৱেলথত পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us