Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মনিপুৰত পৰিত্যক্ত ঘৰত জুই, লেইমাখং-কাণ্টো সাবলত টিয়াৰ গেছ প্ৰয়োগ

Table of Content

শনিবাৰে মনিপুৰৰ কাণ্টো সাবল অঞ্চলত দুৰ্বৃত্তই মেইটেই সম্প্ৰদায়ৰ লোকৰ অন্ততঃ তিনিটা পৰিত্যক্ত ঘৰত জুই লগাই দিয়াৰ পিছত উত্তেজনাৰ সৃষ্টি হয়।

পিছত জুই নিয়ন্ত্ৰণলৈ অনা হয় আৰু কোনো লোকৰ প্ৰাণহানিৰ খবৰ পোৱা নাই।

পৰিস্থিতি বেছি বেয়াৰ ফালে গতি কৰাত লেইমাখং আৰু কাণ্টো সাবল দুয়োটা দিশৰ পৰা অহা ভিৰ ছত্ৰভংগ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে টিয়াৰ গেছ আৰু স্মোক বম্ব ব্যৱহাৰ কৰিবলগীয়া হয়। ইয়াৰ ফলত কিছুমান লোক আহত হয়।

মনিপুৰ আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, “আজি প্ৰায় ৬০ জন লোকৰ এটা ভিৰে কাণ্টো সাবলৰ ফালে আগবাঢ়িবলৈ চেষ্টা কৰিছিল। নিৰাপত্তাৰক্ষীয়ে তৎক্ষণাত হস্তক্ষেপ কৰি সম্ভাৱ্য সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰে।”

“দুৰ্বৃত্তই পৰিত্যক্ত ঘৰত জুই লগাবলৈ লোৱা চেষ্টাও তৎক্ষণাত নিয়ন্ত্ৰণ কৰা হ’ল। ফলত কোনো লোকৰ প্ৰাণহানি হোৱা নাই। এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী ব্যৱস্থা চলি আছে। শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰাপত্তাৰক্ষী দায়বদ্ধ,” বিবৃতিটোত আৰু কোৱা হৈছে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us