Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

Table of Content

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ তৃতীয়খন বৈঠক উপদেষ্টা ৰীতা শৰ্মাৰ সভাপতিত্বত ২৩ আগষ্টত বিয়লি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সদস্যাসকলে  আৰম্ভণি সংগীতেৰে শুভাৰম্ভ হোৱা বৈঠকত  উদ্দেশ্য ব্যাখ্যা আৰু বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে সম্পাদিকা গীতিকা দাসে। আৰম্ভণিতে অসমৰ চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী  পূৰবী শৰ্মা  আৰু অশোক গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। 

বৈঠকত স্বৰচিত লেখা পাঠ অনুষ্ঠানত  স্বৰচিত কবিতা পাঠ কৰে অঞ্জনা ৰাণী  ভট্টাচাৰ্য আৰু অঞ্জু শইকীয়া দত্তই। স্বৰচিত প্ৰবন্ধ পাঠ কৰে সুচিত্ৰা ডেকা, ৰুণুমী নাথ, দীপালী মেধি আৰু ডঃ অপৰ্ণা গোস্বামীয়ে।  চুটি গল্প পাঠ কৰে দিপ্তী ৰেখা পাঠক মজুমদাৰে। আধুনিক গীত আৰু লোক গীত পৰিবেশন কৰে যথাক্ৰমে মিনতি গোস্বামী ,মণিকা পাটোৱাৰী, আৰু নিৰ্মালী গোস্বামীয়ে। 

উপদেষ্টা অন্নপূৰ্ণা দেৱীয়ে ভাষণ প্ৰদান কৰে। সভানেত্ৰীৰ ভাষণত ৰীতা শৰ্মাই বৈঠকত পাঠ হোৱা স্বৰচিত লিখনিসমূহৰ ওপৰত বিস্তৃত পৰ্য্যালোচনা দাঙি ধৰে। অসম সংগীতেৰে সামৰণি পৰা বৈঠকত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী  ভট্টাচাৰ্যই।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us