কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ )ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত বাহিনীটোৰ উত্তৰ পূৱ মণ্ডলৰ অধীনৰ আন্তঃ গ্ৰুপ আৰু বেটেলিয়ানৰ দুদিনীয়া টেবুল টেনিছ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনৰ একক আৰু ডাবল উভয় শাখাত চি আৰ পি এফৰ উত্তৰ পূৱ মণ্ডলৰ অধীনৰ দুটা গ্ৰুপ চেন্টাৰ ক্ৰমে গুৱাহাটী আৰু শিলচৰৰ ১০, ৪৮ , ৬৭ , ১২০ ,১২৮ , ১২৯ ,১৩৬ ,১৪৭ ,১৫২ ,১৫৬ আৰু ১৭৫ বেটেলিয়ান , দুয়োটা গ্ৰুপ চেন্টাৰৰ দুটাসহ মুঠ ১২ টা দলে ভাগ লৈছিল। আনহাতে ২২ জুলাইত বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দুয়োটা শাখাৰ চূড়ান্ত খেলখনৰ একক শাখাত ৬৭ বেটেলিয়ানে ১২৮ বেটেলিয়ানক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।
তেনেদৰে ডাবল শাখাটো ৬৭ বেটেলিয়ানৰ দলটোৱে ১৭৫ বেটেলিয়ানক পৰাজিত কৰি একক আৰু দলীয় উভয় শাখাতে চূড়ান্ত বিজয়ী হোৱাৰ বিৰল সন্মান লাভ কৰে। প্ৰতিযোগিতাৰ সামৰণিত আয়োজিত এক অনুষ্ঠানত বিজয়ী আৰু বিজিত দলক বঁটা সমুহ বিতৰণ কৰে ১৭৫ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট মুকুন্দ মোহন, ৬৭ বেটেলিয়ানৰ ছেকেণ্ড – ইন – কমাণ্ড ৰাকেশ কুমাৰ, ১৭৫ বেটেলিয়ানৰ ছেকেণ্ড – ইন – কমাণ্ড অমিত সিনহা, ডেপুটী কমাডেণ্ট বিৰাট কুমাৰ সিঙকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়াই।
উল্লেখ্য যে ২১ জুলাইত ১৭৫ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট মুকুন্দ মোহনে প্ৰতিযোগিতাখন উদ্ধোধন কৰিছিল। উদ্ধোধনী অনুষ্ঠানত ছেকেণ্ড- ইন – কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং আৰু অমিত যোশীসহ ১৭৫ বেটেলিয়ানৰ কেবাজনো বিষয়া উপস্থিত আছিল।








