Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পানী শোধন প্ৰকল্পত ক্ল’ৰিন গেছ নিৰ্গমন! গুৰুতৰভাৱে আহত কেইবাজনো, চিকিৎসালয়ত ভৰ্তি

Table of Content

খোৱাপানী শোধন প্ৰকল্পৰ এটা বৃহৎ চিলিণ্ডাৰৰ পৰা ক্ল’ৰিন গেছ নিৰ্গত হোৱাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিল কেইবাগৰাকীও লোক। মহাৰাষ্ট্ৰৰ নাগপুৰ মহানগৰীৰ সমীপৱৰ্তী গোধনী গাঁৱত সোমবাৰে মাজনিশা সংঘটিত হয় এই ঘটনা। নিৰ্গত বিষাক্ত গেছে কাষৰীয়া আৱাসিক অঞ্চল আৱৰি ধৰাৰ পাছতে শ্বাস-প্ৰশ্বাসৰ চৰম কষ্টত ভোগা লোকসকলক তৎকালীনভাৱে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।

নাগপুৰ পৌৰ নিগমৰ তথ্য অনুসৰি, প্ৰকল্পটোত মজুত থকা ৯০০ কিলোগ্ৰাম ক্ষমতাৰ এটা চিলিণ্ডাৰৰ পৰা মাজনিশা প্ৰায় ১:০০ বজাত হঠাৎ গেছ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড বিষাক্ত গেছ বিয়পি পৰাৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত তীব্ৰ কাঁহ আৰু উশাহ-নিশাহৰ সমস্যাই দেখা দিয়ে। পৰিস্থিতি বিষম হোৱা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে প্ৰকল্পৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকা ছীল কৰাৰ লগতে আৱাসীসকলক নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল দুখন পানীৰ টেণ্ডাৰ আৰু বিশেষ শ্বাস-যন্ত্ৰসহ ঘটনাস্থলীত উপস্থিত হয়। নাগপুৰত পানী যোগানৰ দায়িত্বত থকা ‘অৰেঞ্জ চিটি ৱাটাৰ প্ৰাইভেট লিমিটেড’ৰ কৰ্মচাৰী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এটা দলো উদ্ধাৰ অভিযানত নামে। পুৱা প্ৰায় ৫:৩০ বজাত গেছ নিৰ্গমন বন্ধ কৰাৰ পাছত চিলিণ্ডাৰটো কষ্টিক চ’ডা মিশ্ৰিত পানীৰ টেংকীত নিমজ্জিত কৰি নিষ্ক্ৰিয় কৰা হয়। মানকাপুৰ থানাৰ আৰক্ষীয়ে অসুস্থ লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথা নিশ্চিত কৰি সাধাৰণ ৰাইজক কোনো ধৰণৰ উৰাবাতৰিত আতংকিত নহ’বলৈ আহ্বান জনায়।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us