ইয়িংকিয়ঙত MRF, ভেণ্ডৰ মাৰ্কেট আৰু HS স্কুলৰ ভৱন উদ্বোধন
অৰুণাচল প্ৰদেশৰ ইয়িংকিয়ঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি (MRF) উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ উপদেষ্টা আৰু বিধায়ক আলো লিবাঙে। এই অনুষ্ঠানত উপস্থিত থাকে উচ্চ ছিয়াং জিলাৰ উপায়ুক্ত তালো জেৰাং। এই কেন্দ্ৰই বৈজ্ঞানিক আৱৰ্জনা পৰিচালনা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে আৱৰ্জনা পৃথকীকৰণ আৰু পুনঃব্যৱহাৰক উৎসাহিত কৰিব আৰু আমাৰ চহৰসমূহ পৰিষ্কাৰ আৰু বহনক্ষম ৰাখিবলৈ নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি কৰিব।...








