Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

ধেমাজি বিস্ফোৰণৰ বলিসকলক স্মৰণ, ‘শোক দিৱস’ পালন কৰিলে ৰাজ্য চৰকাৰে

Table of Content

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ উদযাপনৰ সময়ত বিস্ফোৰণত প্ৰাণ হেৰুৱা সাধাৰণ নাগৰিকসকলক স্মৰণ কৰি দেওবাৰে অসম চৰকাৰে ‘শোক দিৱস’ পালন কৰে।

দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এই শোক অনুষ্ঠানত বলি হোৱাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।

এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱা লোকসকলৰ স্মৃতিত আৰু উগ্ৰপন্থী হিংসাক ধিক্কাৰ জনাই এক মিনিট মৌন পালন কৰা হয়।

ইয়াৰ পাছত অসম চৰকাৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব অনুৰাগ গোৱেলে বিষয়া আৰু কৰ্মচাৰীসকলৰ পৰা সকলো প্ৰকাৰ সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থী হিংসাৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰায়।

এই উপলক্ষে বিষয়া আৰু কৰ্মচাৰীসকলে বলি হোৱাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ অহিংসা, শান্তি আৰু সহিষ্ণুতাৰ পৰম্পৰাত বিশ্বাস পুনৰ দৃঢ় কৰে আৰু সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাক সমবেত শক্তি আৰু দৃঢ়তাৰে প্ৰতিহত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

এই অনুষ্ঠানে সমাজৰ সকলো শ্ৰেণীৰ মাজত শান্তি, সামাজিক সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি বজাই ৰখাৰ লগতে মানৱ জীৱন, সামাজিক শৃংখলা আৰু দেশৰ প্ৰিয় মূল্যবোধক ভাবুকি কঢ়িওৱা শক্তিৰ বিৰুদ্ধে অটল হৈ থকাৰ সমবেত সংকল্পকো পুনৰ দৃঢ় কৰে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us