Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Table of Content

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ পাছত গ্ৰহণ কৰিবলগীয়া পুনৰ্নিৰ্মাণমূলক পদক্ষেপ আৰু অসম চৰকাৰৰ প্ৰথম ১০০ দিনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ পৰা আশীৰ্বাদ আৰু ‘মাৰ্গদৰ্শন’ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতিৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা আৰু ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত অঞ্চলসমূহ পুনৰ্নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, বানপীড়িত পৰিয়ালসমূহক পুনৰ সংস্থাপন, কৃষি আৰু অন্যান্য জীৱিকাৰ ক্ষেত্ৰত হোৱা ক্ষতিপূৰণ তথা জনজীৱন পুনৰ স্বাভাৱিক কৰাৰ বাবে পৰৱৰ্তী পৰ্যায়ত চৰকাৰে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।

Dipshikha Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us