Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ

Table of Content

দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ’ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

গুলীচালনাত আহত হোৱা যুৱতীগৰাকী কল্যাণী নামচম বুলি জানিব পৰা গৈছে। মমং গাঁৱৰ বাসিন্দা যুৱতীগৰাকীৰ ভৰিত গুলী লাগে। আহত অৱস্থাত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়।

প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, এখন ৱেগন-আৰ গাড়ীত থকা লোক আৰু আন এটা পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ পিছত সংঘাতৰ সৃষ্টি হয়। সেই সময়তে পিষ্টলৰ পৰা কমেও দুজাই গুলী চলোৱা হয়।

কিন্তু গুলীটো কেনেকৈ কল্যাণী নামচমৰ ভৰিত লাগে অথবা গুলী কোনে চলাইছিল, সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। ঘটনাৰ সম্পূৰ্ণ ক্ৰম আৰু গুলীচালনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে আৰক্ষীয়ে বিভিন্ন দিশত অনুসন্ধান চলাই আছে।

ইফালে, ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য-প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে উপস্থিত লোকসকলক সোধা-পোছা অব্যাহত ৰাখিছে তদন্তকাৰী দলে। তদন্ত আগবঢ়াৰ পিছতহে ঘটনাটোৰ সম্পূৰ্ণ ছবি স্পষ্ট হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us