Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

Table of Content

টোপনিৰ সময়তে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিলে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ। নিজ ঘৰত শুই থকা সময়তে এখন চিমেণ্টভৰ্তি ট্ৰাকে দেৱাল ভাঙি ভিতৰত প্ৰৱেশ কৰাত নিদ্ৰাৰত অৱস্থাতে ট্ৰাকৰ তলত পিষ্ট হৈ মৃত্যুক সাৱটি লয় তিনিওজনে। দুৰ্ঘটনাটোত ১২ বছৰীয়া কিশোৰীসহ আন দুজন সদস্য গুৰুতৰভাৱে আহত হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি, বাৰাণসীৰ পৰা সোনভদ্ৰ অভিমুখে গৈ থকা চিমেণ্টভৰ্তি ট্ৰাকখনৰ এটা টায়াৰ পুৱা প্ৰায় ৩ বজাত হঠাতে বিস্ফোৰিত হয়। ফলত চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত ট্ৰাকখনে পথৰ দাঁতিতে থকা বাসগৃহটোৰ দেৱাল ভাঙি ভিতৰত সোমাই পৰে।

এই ভয়ংকৰ দুৰ্ঘটনাত ঘৰটোৰ এটা অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাত নিদ্ৰাৰত অৱস্থাতে প্ৰাণ হেৰুৱাবলগীয়া হয় ৩ সদস্যই। দুৰ্ঘটনাত নিহত সকলক ৰাজাৰাম (৪৭), সুখীয়া (৭০) আৰু চন্দ্ৰতাৰা (৪৫) বুলি চিনাক্ত কৰা হৈছে।

ইফালে, গুৰুতৰভাৱে আহত দুজনক তৎক্ষণাত উদ্ধাৰ কৰি বাৰাণসী ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ ভিতৰত এগৰাকী ১২ বছৰীয়া কিশোৰীও আছে। চিকিৎসকসকলে তেওঁলোকৰ চিকিৎসা অব্যাহত ৰাখিছে।

ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ক্ৰেইনৰ সহায়ত ট্ৰাকখন আঁতৰোৱাৰ লগতে বাহনখন জব্দ কৰে আৰক্ষীয়ে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us