Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মেছিৰ দুভৰিৰ যাদুৰে বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা

Table of Content

ফুটবলৰ যাদুকৰ লিয়নেল মেছিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বলত আৰ্জেণ্টিনাই ইংলেণ্ডৰ বিৰুদ্ধে এক ৰোমাঞ্চকৰ জয় লাভ কৰিছে। মেছিয়ে সমগ্ৰ মেচখনত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰি সৰ্বাধিক ৯টা ক্ৰছ কৰাৰ লগতে দলৰ দুয়োটা গ’লতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মাজনিশা অনুষ্ঠিত হোৱা ২০২৬ চনৰ ফিফা বিশ্বকাপৰ এক ৰোমাঞ্চকৰ ছেমিফাইনেল মেচত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অহা দেওবাৰে হ’বলগীয়া খিতাপ দখলৰ যুঁজত এতিয়া আৰ্জেণ্টিনা মুখামুখি হ’ব ইউৰোপীয় চেম্পিয়ন স্পেইনৰে।

মেচখনৰ প্ৰথমাৰ্ধ গ’লশূন্য আছিল যদিও দ্বিতীয়অৰ্ধৰ ৫৫ মিনিটত এন্থনী গৰ্ডনে গ’ল কৰি ইংলেণ্ডক ১-০ ব্যৱধানত আগুৱাই লৈ যায়। ১৯৬৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত খেলাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল ইংলেণ্ডে। কিন্তু মেচৰ শেষৰ কেইমিনিটমানত লিয়নেল মেছিৰ দুৰ্দান্ত প্ৰদৰ্শনে খেলৰ গতি সলনি কৰি দিয়ে। ৮৫ মিনিটত মেছিৰ পাছৰ পৰা এনজো ফাৰ্নাণ্ডিছে আৰ্জেণ্টিনাৰ হৈ সমতা স্থাপন কৰা প্ৰথমটো গ’ল কৰে। ইয়াৰ পিছত, অতিৰিক্ত সময়ৰ ঠিক আগে আগে (৯২ মিনিটত) মেছিৰ এটা সুন্দৰ ক্ৰছৰ সহায়ত সলনি খেলুৱৈ লাউতাৰো মাৰ্টিনেজে হেডৰ জৰিয়তে বিজয়ী গ’লটো দিয়ে।

এই জয়েৰে ৩৯ বছৰীয়া লিয়নেল মেছিয়ে ব্ৰাজিলৰ প্ৰাক্তন তাৰকা কাফুৰ পিছত তিনিখন বিশ্বকাপ ফাইনেল খেলা বিশ্বৰ দ্বিতীয়জন খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰে। আনহাতে, পৰাজিত ইংলেণ্ডে শনিবাৰে তৃতীয় স্থানৰ বাবে ফ্ৰান্সৰ বিৰুদ্ধে খেলিব লাগিব। অহা দেওবাৰে নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত বিশ্ব ফুটবলৰ দুই মহাশক্তি আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত চলিত বৰ্ষৰ মেগা ফাইনেলখন অনুষ্ঠিত হ’ব।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us