Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

​৮০ হাজাৰ আসনযুক্ত নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত বিশ্বকাপৰ ফাইনেল

Table of Content

২০২৬ ৰ ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখন নিউ জাৰ্ছিৰ ‘মেটলাইফ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব। এই খেলপথাৰখনক বৰ্তমান ‘নিউয়ৰ্ক নিউ জাৰ্ছি ষ্টেডিয়াম’ বুলি নামকৰণ কৰা হৈছে। ৪৮টা দল আৰু ১০৪খন মেচেৰে ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বকাপৰ খিতাপ অৰ্জনৰ বাবে এই ষ্টেডিয়ামতে আৰ্জেন্টিনা আৰু স্পেইন মুখামুখি হ’ব। ৮০০০০ তকৈও অধিক দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পৰা এই ষ্টেডিয়ামখন উত্তৰ আমেৰিকাৰ ভিতৰতে অন্যতম বৃহৎ ক্ৰীড়াংগন। অধিক টিকট বিক্ৰী কৰাৰ উদ্দেশ্যেই ফিফাই ফাইনেল মেচখনৰ বাবে ইয়াক নিৰ্বাচিত কৰিছে। ২০১০ চনত সম্পূৰ্ণ হোৱা এই ষ্টেডিয়ামখন সাজিবলৈ ১.৬ বিলিয়ন ডলাৰ খৰচ হৈছিল। সেই সময়ত ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ব্যয়বহুল খেলপথাৰ আছিল। ষ্টেডিয়ামখনৰ ঘাঁহ থকা মাটিভাগক লৈ খেলুৱৈসকল বৰ সন্তুষ্ট নহয়। খেলুৱৈসকলৰ মতে ইয়াৰ মাটিভাগ যথেষ্ট কঠিন আৰু টান।

এলুমিনিয়াম আৰু পাথৰ সদৃশ সামগ্ৰীৰে নিৰ্মিত এই ষ্টেডিয়ামখনৰ কোনো ছাদ বা চালি নাই। কোনটো দলে খেলিছে, তাৰ ওপৰত ভিত্তি কৰি ইয়াৰ লাইটৰ ৰং সলনি হয়। ইয়াৰ সন্মুখৰ শাৰীৰ আসনসমূহ খেলপথাৰৰ একেবাৰে ওচৰত (মাত্ৰ ১৪ মিটাৰ দূৰত) অৱস্থিত। আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰ লিয়েনেল মেছিয়ে ইয়াৰ পূৰ্বে তিনিবাৰ (২০১২, ২০১৬ আৰু ২০২৪) এই ষ্টেডিয়ামত খেলিছে। আনহাতে, স্পেইনৰ অধিনায়ক ৰড্ৰি হাৰ্নাণ্ডেজৰ বাবে এইখন এই ষ্টেডিয়ামত প্ৰথম মেচ হ’ব। খেল চাবলৈ অহা দৰ্শসকলৰ বাবে ইয়াত ‘নাছভিল হট চিকেন চেণ্ডউইচ’, কলম্বিয়ান হট ডগ, টাকোছ, লবষ্টাৰ ৰোল আৰু শীতল বিয়াৰ আদি বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য আৰু পানীয়ৰ ব্যৱস্থা আছে। খেলপথাৰৰ ভিতৰলৈ সোমাবলৈ দৰ্শকে কেৱল ফটফটীয়াকৈ দেখা পোৱা বেগ ব্যৱহাৰ কৰিব লাগিব।

মাত্ৰ ১০০ মিলি লিটাৰ চেনিটাইজাৰ নিয়াৰ অনুমতি আছে। চিৰি, ডাঙৰ কাৰ্ডবৰ্ডৰ বাকচ, বেলুন, হেলমেট, বুলেট-প্ৰুফ জেকেট আৰু গুৰি জাতীয় বস্তু ভিতৰলৈ নিয়াটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। বিশ্বকাপৰ এই আকৰ্ষণীয় অন্তিম খেলখনত ক্ৰিছ মাৰ্টিন, মাডোনা, শাকীৰা আৰু বিটিএছৰ দৰে বিশ্ববিখ্যাত শিল্পীসকলে গীত-নৃত্য পৰিৱেশন কৰিব। খেলৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ফিফাৰ সভাপতি জিয়ানি ইনফেন্টিনোৱে বিজয়ী দলক ট্ৰফী প্ৰদান কৰিব।

Sonakshi Sarkar

https://khabarprabah.in/

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us