Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

“এখন দেশ, এখন আইন” – বৰ্ষাকালীন অধিৱেশনত ইউচিচি বিধেয়ক উত্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Table of Content

এক দেশ, এক সংবিধানৰ দৰেই একে নাগৰিক আইন বলৱৎ কৰাৰ দিশত নতুন পদক্ষেপৰ ইংগিত দিলে মধ্যপ্ৰদেশ চৰকাৰে। অহা বৰ্ষাকালীন অধিৱেশনতে একক নাগৰিক বিধি (ইউচিচি) বিধেয়ক বিধানসভাত উত্থাপন কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী মোহন যাদৱে।

কাটনি জিলাত এখন সন্দীপনী বিদ্যালয় উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এখন দেশত যেতিয়া এক সংবিধান, এক পতাকা আৰু এক নেতৃত্ব থাকিব পাৰে, তেতিয়া হিন্দু-মুছলমানৰ বাবে পৃথক পৃথক আইন কিয় থাকিব? সকলোৰে বাবে একেখন আইন থাকিব লাগে।”

একাধিক বিবাহৰ প্ৰসংগ উত্থাপন কৰি তেওঁ লগতে কয়, “ৰামে যদি এবাৰ বিয়া কৰাব পাৰে, তেন্তে ৰহিমে দুবাৰ, তিনিবাৰ বা চাৰিবাৰ বিবাহ কিয় কৰাব? আমাৰ মুছলমান ভনীসকলো আমাৰেই ভনী। ইউচিচি বলৱৎ হোৱাৰ পিছত এগৰাকীক বৈধ বিবাহ কৰা ব্যক্তিহে মধ্যপ্ৰদেশত আইনগত স্বীকৃতি লাভ কৰিব।”

ইয়াৰ লগতে তাৎক্ষণিক তিনি তালাক প্ৰথাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ ভাষ্য, “সকলোৰে বাবে একে আইন থাকিব লাগে। কোনোবাই যদি ‘তালাক, তালাক, তালাক’ কয়, তেন্তে তেওঁ জে’ললৈ যাব। তিনি তালাকৰ যুগ শেষ হৈছে। আইনত এবাৰ বিবাহহে স্বীকৃতি পাব।”

যাদৱে সদৰী কৰে যে, বিধেয়কখন বিধানসভাত দাখিল কৰাৰ পূৰ্বে জগদীশপুৰত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী কেবিনেট বৈঠকত অনুমোদনৰ বাবে উত্থাপন কৰা হ’ব।

আনহাতে, মুখ্যমন্ত্ৰীৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। দলটোৰ মুখপাত্ৰ আব্বাছ হাফিজে কয় যে, “ৰাম” আৰু “ৰহিম” -দুয়োটা নাম নিজ নিজ ধৰ্মত পবিত্ৰ। ৰাজনৈতিক তুলনাৰ বাবে এই নাম দুটা ব্যৱহাৰ কৰাটো মুখ্যমন্ত্ৰীৰ চিন্তাধাৰাৰ অৱনতিৰ পৰিচায়ক।

ইয়াৰ লগতে তেওঁ প্ৰশ্ন তোলে যে, সংবিধানে কিছুমান জনজাতীয় সম্প্ৰদায়ক বহুবিবাহৰ অনুমতি দিয়া অৱস্থাত সেই অধিকাৰো চৰকাৰে বাতিল কৰিব নেকি।

হাফিজে অভিযোগ কৰে যে, ইউচিচিৰ নামত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰিছে। তেওঁৰ ভাষ্য, যদি আইনখন সকলো সম্প্ৰদায়ৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য নহয়, তেন্তে ইয়াৰ উদ্দেশ্য আইনগত সংস্কাৰ নহয়, ৰাজনৈতিক লাভালাভ।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us