অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত চলি থকা ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত সামৰণি পৰে। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা এই অভিযানত শ শ ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক, এনচিচি (NCC) আৰু এন এছ এছ (NSS) কেডেট, প্ৰাক্তন সৈনিক আৰু বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাই কাছাৰ, শ্ৰীভূমি, ডিব্ৰুগড়, তিনিচুকীয়া, ধুবুৰী, বৰপেটা, ডিফু, হোজাই, কামৰূপ আৰু কামৰূপ (মহানগৰ) আদিকে ধৰি ১০খন জিলা সামৰি লয়। এই যাত্ৰাৰ মূল উদ্দেশ্য আছিল নিচাযুক্ত দ্ৰব্যৰ কু-প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে যুঁজত এক সামূহিক দায়িত্ববোধ গঢ়ি তোলা।
গুৱাহাটীৰ জিলা পুথিভঁৰালত আয়োজিত এক অনুষ্ঠানত ভাষণ দি ৰাজ্যপালগৰাকীয়ে কয় যে এই পদযাত্ৰা কেৱল জনসজাগতাৰ যাত্ৰাই নাছিল, বৰঞ্চ ই আছিল এক সুস্থ, মূল্যবোধভিত্তিক আৰু শক্তিশালী সমাজ গঢ়াৰ বাবে অসমৰ এক সামূহিক সংকল্প।
গান্ধী জয়ন্তীৰ দিনটোত মহাত্মা গান্ধীৰ জীৱন আৰু শিক্ষাৰ কথা স্মৰণ কৰি আচাৰ্যই এখন শক্তিশালী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সত্য, আত্মসংযম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনুশাসন আৰু সেৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ইয়াৰ লগতে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ সৰলতা, সততা আৰু দেশপ্ৰেমৰ আদৰ্শৰ কথা উল্লেখ কৰে।
ড্ৰাগছৰ বিৰুদ্ধে যুঁজত যুৱপ্ৰজন্মৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সুস্থ আৰু মূল্যবোধসম্পন্ন যুৱক-যুৱতীসকলেই এখন উন্নত সমাজৰ আধাৰ। তেওঁ অভিভাৱক, শিক্ষক, ধৰ্মীয় প্ৰতিষ্ঠান, আৰক্ষী, প্ৰশাসন আৰু সংবাদ মাধ্যমক একেলগে কাম কৰিবলৈ আহ্বান জনায়।
অসমৰ উন্নয়নৰ যাত্ৰাৰ প্ৰসংগ টানি আচাৰ্যই কয় যে ৰাজ্যখনৰ মানৱ সম্পদক শক্তিশালী কৰি আৰু যুৱপ্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা সুৰক্ষিত কৰিহে এখন সমৃদ্ধিশালী আৰু নিৰাপদ অসমৰ সপোন বাস্তৱায়িত কৰিব পৰা যাব।








