Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

tarali

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

অসম ক্ৰিকেটৰ বাবে গৌৰৱৰ মুহূৰ্ত: বিচিচিআই সম্পাদক দেৱজিৎ শইকীয়াক অসম ক্ৰিকেট সন্থাৰ ধন্যবাদ

প্ৰাক্তন অসমৰ দ্ৰুত বলাৰ কৃষ্ণ দাসক বিচিচিআইৰ জুনিয়ৰ বাছনি সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। ক্ৰিকেট উপদেষ্টা সমিতিয়ে চলোৱা বাছনি প্ৰক্ৰিয়াৰ পিছত এই নিযুক্তি দিয়া হয়। বৰপেটাৰ কৃষ্ণ দাসে ঘৰুৱা ক্ৰিকেটত উজ্জ্বল কেৰিয়াৰ গঢ়িছিল, তেওঁ ৪৯ খন প্ৰথম শ্ৰেণীৰ মেচ খেলি ১৬৬ টা উইকেট দখল কৰিছিল। তেওঁ অনূৰ্ধ্ব-১৯ আৰু ভাৰত ‘এ’ দলতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।...

সনাতন বিৰোধী স্থিতিৰ অভিযোগ তুলি বিৰোধীক লক্ষ্য, লক্ষ্ণৌৰ হৰ্ডিংক লৈ ৰাজনৈতিক বাকযুদ্ধ

দছেৰা আৰু দীপাৱলীৰ বতৰতে ৰাজনৈতিক শত্ৰুতাই পুনৰ এক উত্তপ্ত ৰূপ ধাৰণ কৰিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনত। দেওবাৰে পুৱা লক্ষ্ণৌ চহৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথা ভিআইপি অঞ্চলসমূহত প্ৰত্যক্ষ কৰা হ’ল এক বিতৰ্কিত হৰ্ডিং। লংকাৰ ৰজা ৰাৱণৰ দহটা মূৰৰ স্থানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ লগতে কেইবাজনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বৰ ফটো সংলগ্ন কৰি এই হৰ্ডিং...

এজনক আটক, আক্ৰমণকাৰীৰ সন্ধানত ১৫ টা বিশেষ তদন্তকাৰী দল গঠন মুম্বাই আৰক্ষীৰ

মায়ানগৰী মুম্বাইৰ ব্যস্ত পথত দিনদুপৰতে বলীউডৰ তাৰকা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই। দেওবাৰে সন্ধিয়া জুহুৰ পুষ্পা পাৰ্ক অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ কাণ্ড। এখন মটৰচাইকেলত অহা তিনিজনীয়া এটা সশস্ত্ৰ দলে কোনো তৰ্ক-বিতৰ্ক নকৰাকৈয়ে অভিনেতাগৰাকীৰ বাহনখনলৈ লক্ষ্য কৰি একেৰাহে পাঁচ জাঁই গুলী বৰ্ষণ কৰে। আক্ৰমণৰ পৰা টাইগাৰ শ্ৰফ কথমপি ৰক্ষা পৰে যদিও...

জিচিইউৰ প্ৰতিষ্ঠা দিৱসত “আইনৰ শাসন প্ৰতিষ্ঠাত বিশ্ববিদ্যালয়ৰ ভূমিকা” শীৰ্ষক বক্তৃতানুষ্ঠান

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত “আইনৰ শাসন প্ৰতিষ্ঠাত বিশ্ববিদ্যালয়ৰ ভূমিকা” শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয় যে ‎এখন ন্যায়ভিত্তিক আৰু গণতান্ত্ৰিক সমাজৰ মূল...

আত্মনিৰ্ভৰ ভাৰতে প্ৰতিৰক্ষা উৎপাদনত নতুন গতি দিছে: বৰঝাৰত ৰাজ্যপাল লক্ষ্মণ আচাৰ্য

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত বায়ুসেনাৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় বায়ুসেনাৰ দ্বাৰা আয়োজিত ‘আকাশ ছে অন্তৰিক্ষ তক’ নামৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী অসম ৰাজভৱনৰ উদ্যোগত নমো মাতৃভূমি সুৰক্ষা আৰু স্বাৱলম্বন সংকল্প সপ্তাহৰ অধীনত আয়োজন কৰা হৈছিল। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই দেশৰ আকাশ সুৰক্ষিত কৰা আৰু দেশৰ সাৰ্বভৌমত্ব ও ভূখণ্ডৰ অখণ্ডতা...

২০২৬-২৯ দৃষ্টি নথিয়ে ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰিব: নিচামুক্ত ভাৰত সন্দৰ্ভত অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদক দ্ৰব্য আৰু ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক অভিনন্দন জনাইছে। এই অভিযানৰ ফলত ৯০০ৰো অধিক লোকক গ্ৰেপ্তাৰ, ৫০০ৰো অধিক গোচৰ ৰুজু আৰু ১৮০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে। ইয়াৰ লগতে ৭০৩টা হটস্পটৰ বিৰুদ্ধে ব্যৱস্থা আৰু প্ৰায় ৩১...

কাচুগাঁৱত বাইচাইকেল বিতৰণ কাৰ্যসূচীত উপস্থিত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী

টহল কার্যক্রম আৰু বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ফ্ৰণ্টলাইন বনকৰ্মীসকলক বাইচাইকেল প্ৰদান কৰা হৈছে। এই পদক্ষেপত আৰণ্যকৰ আইনী আৰু পৰামৰ্শ বিভাগ (LAD) আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ৰ পৰিৱেশ আৰু বন বিভাগে সহযোগিতা আগবঢ়াইছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মধ্য পৰিসৰৰ অন্তৰ্গত কাচুগাঁও বন পৰিদৰ্শন বাংলোত ১৪ অক্টোবৰত অনুষ্ঠিত এক কাৰ্যসূচীত মুঠ দহখন বাইচাইকেল...

পূজা কমিটিত পৃথক প্ৰৱেশ পথ আৰু প্ৰশিক্ষিত স্বেচ্ছাসেৱক বাধ্যতামূলক

আগন্তুক শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে সকলো পূজা কমিটিৰ বাবে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মহানগৰীৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু সাধাৰণ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ নিৰ্দেশনা অনুসৰি, নিশা ১০ বজাৰ পাছত কোনো পূজা মণ্ডপতে উচ্চ শব্দত মাইক বা ছাউণ্ড চিষ্টেম...

বেলতলা মেট্ৰিক্সত “ৰাইজিং চান”ৰ প্ৰিমিয়াৰ, উপস্থিত প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু লুৰিণজ্যোতি গগৈ

২৩ অক্টোবৰত ছবি গৃহলৈ আহিব “ৰাইজিং চান” নামৰ অসমীয়া চলচ্চিত্ৰ।‌অসমৰ প্ৰায় ৪০টাকৈ ছবি গৃহত মুকলি পাব ছবি খনে।ৰাজ্যৰ লাখ লাখ দিব্যাংগ লোকৰ সমস্যাক লৈ নিৰ্মাণ কৰা হৈছেRISING SUNৰ। বুধবাৰে বেলতলা মেট্ৰিক্স চিনেমা হ’লত প্ৰদৰ্শন ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠানত উপস্থিত প্ৰাক্তন সমাজকল্যাণ বিভাগৰ মন্ত্ৰী তথা বিপিএফৰ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি...

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য দিব ৰাজেশ ভূঞা আৰু ৰাজা বৰুৱাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত আজি সোঁশৰীৰে ফাষ্ট ট্ৰেক আদালতত হাজিৰ হয় । ইমান দিনে চলি অহা বিচাৰ প্ৰক্ৰিয়াত অভিযুক্ত অমৃতপ্ৰভা মহন্তই কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ হৈ আহিছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিন লাভ কৰি কালি হাফলং উপ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত অমৃতপ্ৰভা মহন্তক আজি সোঁশৰীৰে...
1 2 3 4 … 22

Latest News

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

Featured Posts

Follow Us