চেক বাউন্সৰ এক পুৰণি গোচৰত অভিনেতা ৰাজপাল যাদৱক অন্তিম সুযোগ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। পূৰ্বৰ আচৰণ বিশ্বাসযোগ্য নোহোৱাৰ পাছতো বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকীক বাকী থকা ধন পৰিশোধৰ বাবে দুসপ্তাহৰ চূড়ান্ত সময়সীমা বান্ধি দিয়ে আদালতে।
দেশৰ শীৰ্ষ আদালতত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উপস্থিত থাকে অভিনেতা ৰাজপাল যাদৱ। শুনানিৰ সময়ছোৱাত ন্যায়াধীশে তেওঁক কোনো প্ৰশ্ন নকৰে যদিও অধিবক্তাৰ আশ্বাসনৰ ভিত্তিত এই অন্তিম সুযোগ দিয়ে বিচাৰপীঠে। একে সময়তে নিজৰ পাছপ’ৰ্ট আদালতত জমা ৰাখিবলৈ অভিনেতাজনক নিৰ্দেশ দিয়ে ন্যায়াধীশে।
শুনানিৰ সময়ত অভিনেতাগৰাকীৰ অধিবক্তাই আদালতক অৱগত কৰে যে কিছু সম্পত্তি বিক্ৰীৰ জৰিয়তে ধন সংগ্ৰহৰ প্ৰচেষ্টা চলি আছে। অহা দুসপ্তাহৰ ভিতৰত কমেও ২ কোটি টকাৰ বেংক ড্ৰাফ্ট আদালতত দাখিল কৰাৰ লগতে বাকী ধন পৰিশোধৰ চূড়ান্ত সময়সূচীও দাখিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে অধিবক্তাই।
পূৰ্বৰ প্ৰতিশ্ৰুতি ভংগৰ প্ৰসংগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে মুখ্য ন্যায়াধীশে। অভিনেতাগৰাকীৰ পূৰ্বৰ আচৰণলৈ চাই কোনেও তেওঁক সহজে বিশ্বাস কৰিব নোৱাৰে বুলি মন্তব্য কৰি বিচাৰপীঠে কয় যে বলীউডত অভিনয় আৰু নাটক কৰাত সিদ্ধহস্ত যাদৱে আদালততো তেনে প্ৰৱণতা দেখুৱাইছে। অহা ৫ অক্টোবৰত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব আদালতে।
উল্লেখ্য যে, ২০১০ চনত ‘আতা পতা লাপতা’ নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ‘মুৰলী প্ৰজেক্টছ প্ৰাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৰ পৰা ৫ কোটি টকাৰ ঋণ লৈছিল যাদৱ আৰু তেওঁৰ প্ৰযোজনা সংস্থাই। ছবিখন মুক্তি পোৱাত পলম হোৱাৰ পাছত ধন ওভতাই দিয়াৰ বুজাবুজি হয় যদিও প্ৰতিষ্ঠানটোক দিয়া ৭ খনকৈ চেক বাউন্স হোৱাত আইনী জটিলতাৰ সৃষ্টি হয়।
এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে অভিনেতাজনক ৩ মাহৰ কাৰাদণ্ডৰ লগতে প্ৰতিটো গোচৰত ১.৩৫ কোটি টকাকৈ জৰিমনা বিহিছিল। উক্ত ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যাদৱ। শীৰ্ষ ন্যায়ালয়ৰ এই অন্তৱৰ্তীকালীন সকাহৰ বাবে আপাততঃ কাৰাগাৰলৈ যাব লগা হোৱা নাই বলীউডৰ অভিনেতাগৰাকী।








