Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

মন্ত্ৰী ঝাবৰ সিং খাৰ্ৰাৰ ঘটনাস্থলী পৰিদৰ্শন, ভুক্তভোগী পৰিয়াললৈ ক্ষতিপূৰণৰ দাবীত স্থানীয় ৰাইজৰ বিক্ষোভ

Table of Content

পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ প্ৰধান পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি থিতাতে প্ৰাণ হেৰুৱালে কমেও আঠজনকৈ নিৰ্মাণ শ্ৰমিকে। এই শোকাৱহ দুৰ্ঘটনাত আন পাঁচজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ৰাজস্থানৰ ঝুনঝুনু জিলাৰ উদয়পুৰৱাটী থানা এলেকাৰ চাপোলী গাঁৱত সোমবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, ছিকৰ-নীম কা থানা ৰাজ্যিক ঘাইপথৰ পৰা প্ৰায় ১৫০ মিটাৰ আঁতৰৰ চাপোলী-কদম কুণ্ড সংযোগী পথত এই দুৰ্ঘটনা ঘটে। নিৰ্মাণ সামগ্ৰী মিহলি কৰিবলৈ ব্যৱহাৰ কৰা কংক্ৰিট মিক্সাৰ মেচিনটোৰ হাইড্ৰলিক জেকটো ওপৰেৰে যোৱা ১১ হাজাৰ ভল্টৰ হাইটেনচন বিদ্যুতৰ তাঁৰত লাগি ধৰে। লগে লগে মেচিনটোৰ জৰিয়তে চাৰিওফালে তীব্ৰ বিদ্যুৎ প্ৰৱাহ বিয়পি পৰে আৰু তাত কৰ্মৰত শ্ৰমিকসকল বিদ্যুৎস্পৃষ্ট হৈ পৰে।

উদয়পুৰৱাটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰামপালে ঘটনাৰ সত্যতা নিশ্চিত কৰি কয় যে এই দুৰ্ঘটনাত আঠজন শ্ৰমিকৰ মৃত্যু ঘটিছে। সমীপতে থকা আন পাঁচজন আহত শ্ৰমিকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৰাজস্থান চৰকাৰৰ মন্ত্ৰী ঝাবৰ সিং খাৰ্ৰাই। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে স্থানীয় ৰাইজৰ সামূহিক উদ্যোগত এই পথ নিৰ্মাণৰ কাম চলি আছিল। আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰা হৈছে আৰু চিকিৎসকে তেওঁলোক সংকটমুক্ত বুলি জনাইছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে ভুক্তভোগী পৰিয়ালসমূহক যাৱতীয় সকলো সহায়ৰ আশ্বাস প্ৰদান কৰে।

ইফালে ঘটনাৰ পিছতে স্থানীয় ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ উচিত ক্ষতিপূৰণ আৰু তাৎক্ষণিক সাহায্য প্ৰদানৰ দাবী জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ কৰে।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us