শ্বেখ হাছিনাৰ বাংলাদেশ প্ৰত্যাৱৰ্তনৰ ঘোষণাৰ পিছতেই মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত কৰা হ’ল আৱামী লীগৰ ৭ জনকৈ শীৰ্ষ নেতাক। ২০২৪ চনত সংঘটিত ছাত্ৰ আন্দোলন দমনৰ নামত চলোৱা নৰসংহাৰ আৰু মানৱতা বিৰোধী অপৰাধৰ গোচৰত মঙলবাৰে এই মৃত্যুদণ্ডৰ শাস্তি বিহে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে।
ন্যায়াধীশ নজৰুল ইছলাম চৌধুৰীৰ নেতৃত্বত গঠিত ২ নং ন্যায়াধিকৰণে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে।
মৃত্যুদণ্ডৰ সন্মুখীন হোৱা নেতাসকলৰ ভিতৰত আছে দলৰ সাধাৰণ সম্পাদক ওবায়দুল কাদেৰ, যুটীয়া সাধাৰণ সম্পাদক বাহাউদ্দিন নাছিম আৰু প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ প্ৰতিমন্ত্ৰী মহম্মদ আলী আৰাফাত।
ইয়াৰ উপৰিও যুৱলীগৰ সভাপতি শ্বেখ ফজলে চামছ পৰশ, সাধাৰণ সম্পাদক মইনুল হোছেইন খান নিখিল, ছাত্ৰলীগৰ সভাপতি ছাদ্দাম হোছেইন আৰু সাধাৰণ সম্পাদক শ্বেখ ৱালী আছিফ ইনানক এই সৰ্বোচ্চ শাস্তি প্ৰদান কৰা হয়।
২০২৪ চনৰ জুলাই আৰু আগষ্ট মাহত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে গঢ় লৈ উঠা ছাত্ৰ আন্দোলনৰ সময়ত সংঘটিত হিংসাক লৈ এই গোচৰ চলাই থকা হৈছিল।
ন্যায়াধিকৰণৰ মতে, আন্দোলন দমনৰ বাবে এই সাতগৰাকী নেতাই হত্যা, হিংসাত উচতনি আৰু হত্যাৰ পৰিকল্পনাৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰিছিল আৰু সেই সকলো অভিযোগ আদালতত সাব্যস্ত হৈছে।
বিগত ২০২৫ চনত ১ নম্বৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে আন্দোলনকাৰীৰ বিৰুদ্ধে ড্ৰোন, হেলিকপ্টাৰ আৰু মাৰাত্মক অস্ত্ৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়াকে ধৰি ৫ টা গুৰুতৰ অভিযোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকো মৃত্যুদণ্ডৰ ৰায় শুনাইছিল।
২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ-জনতাৰ তীব্ৰ বিদ্ৰোহৰ ফলত চৰকাৰৰ পতন ঘটাৰ পিছতেই বাংলাদেশ ত্যাগ কৰি ভাৰতলৈ গুচি আহিছিল হাছিনা।
অহা ডিচেম্বৰত শ্বেখ হাছিনাই ঢাকালৈ উভতি অহাৰ কথা ঘোষণা কৰাৰ মাজতে আৱামী লীগৰ এই ৭ গৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰাত বাংলাদেশৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।








