Trending:
/ Sep 13, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

Table of Content

দিল্লীৰ যন্তৰ-মন্তৰৰ ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি ছাত্ৰৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে! শেহতীয়াকৈ এজন তথাকথিত ইনফ্লুৱেন্সাৰে কৰা অকপট স্বীকাৰোক্তিৰ পিছতে উন্মোচিত হৈছে ছাত্ৰ আন্দোলনৰ হিংসাত্মক ঘটনাৰ প্ৰকৃত ৰহস্য।

এটা প’ডকাষ্টত স্বতন্ত্ৰ ভৰদ্বাজ নামৰ বিতৰ্কিত যুৱকজনে প্ৰতিবাদকাৰী ছাত্ৰী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰৰ মূৰ ফালি দিয়াৰ কথা গৌৰৱেৰে সদৰি কৰে। হত্যাৰ চেষ্টাৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰিও দিল্লীৰ বিজেপি মন্ত্ৰী কপিল মিশ্ৰৰ এটা ফোনকলৰ বাবেই কাৰাগাৰলৈ যোৱাৰ পৰা ৰক্ষা পোৱা বুলিও মুকলিকৈ দাবী কৰে ভৰদ্বাজে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ’টোত অভিযুক্তই কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো আশীৰ্বাদ থকা বুলি দম্ভালি মৰা দেখা যায়। নিশাৰ ভিতৰতে আৰক্ষীৰ জিম্মাৰ পৰা ওলাই অহাৰ কথা উল্লেখ কৰি আইন-ব্যৱস্থাক মুকলি প্ৰত্যাহ্বান জনায় যুৱকজনে।

এই চাঞ্চল্যকৰ স্বীকাৰোক্তি পোহৰলৈ অহাৰ লগে লগেই কেন্দ্ৰীয় গৃহমন্ত্ৰালয় আৰু দিল্লী আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সমগ্ৰ বিৰোধী শিবিৰ। দলিত ছাত্ৰীগৰাকীৰ পিতৃক প্ৰাণঘাতী আক্ৰমণ কৰা অপৰাধীক কোন মন্ত্ৰীৰ ছত্ৰছায়াত এনেদৰে মুকলি কৰি দিয়া হ’ল বুলি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি কঠোৰ প্ৰশ্ন উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। একেদৰে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰায়ো এনে অপৰাধীক চৰকাৰীভাৱে ৰক্ষণাবেক্ষণ দিয়া কাৰ্যক তীব্ৰ ধিক্কাৰ জনায়।

ইফালে নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰ মূৰত গুৰুতৰ আঘাত পোৱাৰ কথা খাৰিজ কৰে দিল্লী আৰক্ষীয়ে। এক বিবৃতিত আৰক্ষীয়ে প্ৰকাশ কৰে যে হতাহতিৰ সময়ত হাতত পিন্ধা খাৰুৰ আঘাততহে সঞ্জয় কুমাৰ সামান্য আহত হৈছিল আৰু চিকিৎসালয়ৰ চিকিৎসকেও আঘাতৰ ধৰণ সাধাৰণ বুলিহে প্ৰতিবেদন দিছে। অভিযুক্তক ইতিমধ্যে জাননী জাৰি কৰি জেৰা কৰাৰ কথা উল্লেখ কৰি কোনো ধৰণৰ বাহ্যিক ৰাজনৈতিক হেঁচাৰ কথা নস্যাৎ কৰে প্ৰশাসনে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us