Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

শ্বিলঙৰ বাইক ৰেলীত হিংসাত্মক ঘটনাঃ এছআইটি গঠন আৰু দোষীক কঠোৰ শাস্তিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

Table of Content

যোৱা ১৯ আগষ্টত শ্বিলঙত খাছী ষ্টুডেণ্টছ ইউনিয়নে উলিওৱা ক’লা পতাকা বাইক ৰেলীত সংঘটিত হিংসাত্মক কাণ্ড আৰু অসমৰ বাহনত চলোৱা আক্ৰমণৰ ঘটনাক লৈ মেঘালয় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মেঘালয় বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদনত এক স্বতঃপ্ৰণোদিত বিবৃতি প্ৰদান কৰি মুখ্যমন্ত্ৰী কনৰাড চাংমাই স্পষ্ট কৰে যে আইন হাতত তুলি লোৱা কোনো অপৰাধীক ৰেহাই দিয়া নহ’ব আৰু সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে সদনক অৱগত কৰে যে শান্তি বজাই ৰখাৰ চৰ্তত পূব খাছী পাহাৰ জিলাৰ উপায়ুক্তই কেএছইউৰ এই বাইক ৰেলীৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু ৰেলী চলাৰ সময়তে একাংশ দুষ্কৃতিকাৰীয়ে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈ অসম পঞ্জীয়নভুক্ত ৮খন বাহনসহ মুঠ ৩১খন বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে আৰু পথচাৰীক আক্ৰমণ কৰে। এই ঘটনাত ১৮ জনকৈ লোক আহত হয় আৰু তেওঁলোকক ততাতৈয়াকৈ শ্বিলং অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি একে নিশাই কেএছইউৰ সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদকক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ‘মেঘালয় মেইন্টেনেন্স অৱ পাব্লিক অৰ্ডাৰ’ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। এই পৰ্যন্ত ঘটনা সন্দৰ্ভত ১৫খন এজাহাৰ দাখিল কৰা হৈছে আৰু আক্ৰমণৰ সৈতে জড়িত ৫জন মুখাপিন্ধা দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত এজনক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে।

মুখ্যমন্ত্ৰী চাংমাই সদনত ঘোষণা কৰে যে আইন-শৃংখলা শাখাৰ আৰক্ষী মহাপৰিদৰ্শকৰ নেতৃত্বত গঠন কৰা এছআইটিয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তিৰ ব্যৱস্থা কৰিব।

আনহাতে, অসম আৰু মেঘালয়ৰ মাজত যাতায়াত আৰু শান্তি-শৃংখলা স্বাভাৱিক কৰাৰ উদ্দেশ্যে ২২ আগষ্টত দুই ৰাজ্যৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী স্নিয়াভভালাং ধাৰ আৰু অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকৰ পিছতে যোৰাবাটত অসমৰ বিভিন্ন সংগঠনে কৰা পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হয় আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ পুনৰ স্বাভাৱিক হৈ পৰে।

ভৱিষ্যতে সীমান্তৱৰ্তী সমস্যাসমূহ তৎকালীনভাৱে সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত এটা বিশেষ হটলাইন স্থাপন কৰা হৈছে। লগতে নংপো আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু সমপৰ্যায়ৰ আৰক্ষী বিষয়াৰে গঠিত এখন স্থায়ী সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ পৰ্যটন খণ্ডৰ স্বাৰ্থ সুৰক্ষিত ৰখা আৰু পৰ্যটক কঢ়িওৱা বাহনৰ চলাচল সুচল কৰিবলৈ দুয়োখন ৰাজ্যৰ পৰিবহণ বিভাগৰ আয়ুক্ত আৰু পৰ্যটন টেক্সি সন্থাৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us