Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল কলম্বিয়া; নিহত ১৩২, আহত ৫৭০ৰো অধিক

Table of Content

নিমিষতে মৃত্যুৰ বিভীষিকাই জোকাৰি গ’ল এখন চহৰ! ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ এটা ভূমিকম্পই ধ্বংসলীলা চলোৱাত প্ৰাণ হেৰুৱায় অতি কমেও ১৩২ জন লোকে। সোমবাৰে কলম্বিয়াৰ পশ্চিম প্ৰান্তত সংঘটিত এই ভয়ংকৰ ভূমিকম্পই শ শ অট্টালিকা ক্ষতিগ্ৰস্ত কৰাৰ লগতে বহু লোকক ধ্বংসস্তূপৰ তলত আবদ্ধ কৰি পেলায়।

শেহতীয়া তথ্য অনুসৰি, ভূমিকম্পটোত নিহতৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পাইছে। আহত হৈছে ৫৭০ৰো অধিক লোক। ধ্বংসস্তূপৰ মাজত আবদ্ধ লোকসকলক বিচাৰি উলিয়াবলৈ উদ্ধাৰকাৰী দলৰ সৈতে স্থানীয় বাসিন্দাসকলেও অভিযান অব্যাহত ৰাখিছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাই জানিবলৈ দিয়া মতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চোকো অঞ্চলৰ ছান হোছে দেল পালমাৰৰ সমীপত। ৰাজধানী বোগোটাৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ পশ্চিমে অৱস্থিত অঞ্চলটোত ভূমিকম্পৰ তীব্ৰ জোকাৰণিত ব্যাপক ক্ষয়-ক্ষতি হয়।

ভূমিকম্পৰ প্ৰভাৱ পৰিছে দেশখনৰ ২০টাতকৈও অধিক পৌৰসভাত। পেৰেইৰা, কুইবডো, কালি আৰু মানিছালেছসহ কেইবাখনো চহৰত অট্টালিকা আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাই আছে উদ্ধাৰকাৰী দলসমূহে।

ইফালে, পৰিস্থিতিৰ গুৰুত্ব বিবেচনা কৰি জৰুৰী অৱস্থা ঘোষণা কৰিছে কলম্বিয়াৰ ৰাষ্ট্ৰপতি আবেলাৰ্ডো দে লা এস্প্ৰিয়েলাই। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ধন মুকলি কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।

ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া ইকুৱেডৰ আৰু পানামাতো অনুভূত হয়। অৱশ্যে দেশ দুখনত বৃহৎ ক্ষয়-ক্ষতিৰ কোনো তথ্য পোৱা হোৱা নাই। আনহাতে, ভূমিকম্পৰ পিছত আফটাৰশ্বকৰ সম্ভাৱনাৰ প্ৰতি সতৰ্ক কৰি দিছে কৰ্তৃপক্ষই।

উদ্ধাৰ অভিযানৰ সমান্তৰালভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু পুনৰুদ্ধাৰৰ কামো আগবঢ়াইছে প্ৰশাসনে। বিগত এটা দশকত কলম্বিয়াত সংঘটিত হোৱা ভূমিকম্পসমূহৰ ভিতৰত এইটোৱেই আটাইতকৈ শক্তিশালী বুলি বিষয়াসকলে উল্লেখ কৰিছে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us