Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; ৰূপহী নিউ মাৰ্কেটত সাতটা গো-ধন জব্দ

Table of Content

ৰাজ্যত অব্যাহত থকা অবৈধ গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা অভিযানৰ সময়তে এইবাৰ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰূপহীহাট আৰক্ষী। ৰূপহী নিউ মাৰ্কেটত অভিযান চলাই আৰক্ষীয়ে সাতটা গো-ধন জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত এজন লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

অভিযানকালত গো-ধনকেইটা কচাই হুছেইন আলিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰাৰ পিছতে লোকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ফলত এই ঘটনাত এতিয়ালৈ কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

ইফালে, জব্দ কৰা গো-ধনকেইটা নিজৰ জিম্মাত লৈ পৰৱৰ্তী তদন্ত আৰম্ভ কৰিছে ৰূপহীহাট আৰক্ষীয়ে। গো-ধনকেইটা ক’ৰ পৰা অনা হৈছিল, ক’লৈ নিবলৈ পৰিকল্পনা কৰা হৈছিল আৰু ইয়াৰ সৈতে কোনো বৃহত্তৰ সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি, সেই দিশসমূহ পৰীক্ষা কৰি আছে তদন্তকাৰী আৰক্ষীয়ে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গো-সৰবৰাহৰ অভিযোগত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে আৰক্ষী আৰু অন্যান্য বলৱৎকাৰী সংস্থাই। এনে অভিযানত বিভিন্ন জিলাত গো-ধন জব্দ কৰাৰ লগতে সৰবৰাহৰ অভিযোগত একাধিক লোকক আটক আৰু গ্ৰেপ্তাৰো কৰা হৈছে।

আনহাতে, শেহতীয়া ঘটনাটোৰ পিছতো অসমত গো-ধনৰ অবৈধ সৰবৰাহৰ পথ আৰু ইয়াৰ সৈতে জড়িত চক্ৰক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। বিভিন্ন জিলা আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে সংযোগী পথসমূহৰ জৰিয়তে গো-ধন সৰবৰাহ কৰা হৈছে নেকি, সেই বিষয়েও তদন্ত চলাইছে আৰক্ষীয়ে।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us