Trending:
/ Sep 12, 2026

Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

৯ আগষ্টৰ পৰা বানৰ স্থায়ী ক্ষতিৰ জৰীপ আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Table of Content

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া বানপানীৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উচ্চ অসমত পাঁচদিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি শিৱসাগৰত বানাক্ৰান্ত লোকৰ বাবে স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই সময়তে তেওঁ বিধ্বংসী বানত প্ৰাণ হেৰুৱা ১০ জন লোকৰ পৰিয়ালৰ নিকটতম আত্মীয়ক এককালীন সাহায্য হিচাপে ৫ লাখ টকাকৈৰ চেক প্ৰদান কৰে।

শিৱসাগৰৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকন’লজিৰ চৌহদত স্থাপন কৰা সাহায্য শিবিৰত মুখ্যমন্ত্ৰীয়ে শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। শিবিৰত থকা শিশু, বয়স্ক আৰু মহিলাসকলৰ বাবে পৰ্যাপ্ত খাদ্য, নিৰাপদ খোৱা পানী, স্বাস্থ্য সেৱা আৰু সকলো প্ৰয়োজনীয় সুবিধা নিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

তেওঁ বানাক্ৰান্ত লোকসকলক আশ্বাস দিয়ে যে এই দুৰ্যোগৰ সময়ত অসম চৰকাৰ প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত আছে আৰু তেওঁলোকৰ পুনৰ্বাসন আৰু পুনৰ্নিৰ্মাণৰ বাবে সকলো সম্ভৱপৰ সহায় আগবঢ়াব।

উল্লেখযোগ্য যে বৰ্তমান এই সাহায্য শিবিৰত ১৬২ টা পৰিয়ালৰ ৫৬৩ জন লোকে আশ্ৰয় লৈছে। ইয়াৰ ভিতৰত ৩৫ জন শিশু, ২৬৭ জন পুৰুষ আৰু ২৬১ গৰাকী মহিলা আছে।

সাহায্য শিবিৰ পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত দুদিনত তেওঁ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত লোকক সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজ লৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই কাইলৈ উচ্চ অসমলৈ আহি বানপানীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব আৰু ক্ষতিগ্ৰস্ত লোকৰ সৈতে মত বিনিময় কৰিব বুলি তেওঁ অৱগত কৰে।

চৰকাৰে বানাক্ৰান্ত লোকক সহায় কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত চাৰিওটা জিলাত স্থায়ী ক্ষতিৰ মূল্যায়নৰ বাবে ৯ আগষ্টৰ পৰা জৰীপ আৰম্ভ হ’ব। জৰীপ সম্পূৰ্ণ হোৱাৰ পিছত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।

তেওঁ লগতে কয় যে বানত মৃত্যু হোৱাসকলৰ নিকটতম আত্মীয়ক ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (SDRF) অধীনত ইতিমধ্যে ৪ লাখ টকাকৈ প্ৰদান কৰা হৈছে, আৰু এতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫ লাখ টকাকৈ প্ৰদান কৰা হৈছে।

ইয়াৰ পিছত মুখ্যমন্ত্ৰী ড° শৰ্মাই শিৱসাগৰ জিলাৰ কেইবাখনো বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰৰ ফালৰ পৰা সকলো সম্ভৱপৰ সহায় আৰু সমৰ্থনৰ আশ্বাস দিয়ে। তেওঁ ট্ৰেক্টৰ আৰু ৰাবাৰ নাওঁৰে যাত্ৰা কৰি পানীৰে নিমজ্জিত আৰু বোকাময় অঞ্চলসমূহ পৰিদৰ্শন কৰে।

মুখ্যমন্ত্ৰীয়ে ৰাজাবাৰী, দিহিৰগাঁও, ধাইআলি-দাৰিখাট, কাকপথাৰ-কুকুৰপুহীয়া আৰু বনমুখকে ধৰি বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে। তাত স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ কথা শুনে। ৰাবাৰ নাওঁৰে তেওঁ পানবেচা, হাতিমূৰীয়া, বেটেনা, ধূপবৰীয়া, তাতিপথাৰ আৰু লুৰুকিৰ দৰে বানপানীৰে বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহো পৰিদৰ্শন কৰি ক্ষতিৰ প্ৰত্যক্ষ মূল্যায়ন কৰে আৰু স্থানীয় লোকৰ অসুবিধাসমূহৰ বুজ লয়।

চৰকাৰ প্ৰতিটো বানাক্ৰান্ত পৰিয়ালৰ কাষত আছে বুলি পুনৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে সকলো ক্ষতিগ্ৰস্তই অতি সোনকালে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে তাৰ বাবে সকাহ, পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা অগ্ৰাধিকাৰ ভিত্তিত কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ ছোৱালী কলেজ আৰু ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বানপীড়িত চৌহদও পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ সময়ত ভৱিষ্যতে এই অঞ্চলত কৃত্ৰিম বানপানীৰ প্ৰভাৱ কমাবলৈ জমুনা নদীৰ নিষ্কাশন ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত শৰ্মাই বিশেষ গুৰুত্ব দিয়ে। শিক্ষানুষ্ঠানসমূহত অতি সোনকালে স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ তেওঁ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে বানাক্ৰান্ত লোকৰ বাবে স্বাভাৱিক জীৱন ঘূৰাই আনিবলৈ আৰু অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ দ্ৰুত পুনৰুদ্ধাৰ বাবে অসম চৰকাৰে পূৰ্ণ প্ৰতিশ্ৰুতিৰে কাম কৰি যাব।

tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us