Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

বান সাহায্যৰ বাবে এমাহৰ দৰমহা আগবঢ়াব বিধায়কে; সৰ্বদলীয় সমৰ্থনত সিদ্ধান্ত বিধানসভাৰ

Table of Content

বান আঁতৰিলেও এতিয়াও আঁতৰা নাই বানে নমাই অনা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বানাক্ৰান্ত জনতাক সহায় কৰিবলৈ এইবাৰ একেলগে আগবাঢ়ি আহিল অসম বিধানসভাৰ বিধায়কসকল। মঙলবাৰে সকলো দলৰ সমৰ্থনত বিধায়কসকলে বান সাহায্যৰ বাবে নিজৰ এমাহৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিধানসভাৰ এই পদক্ষেপক শাসকীয় আৰু বিৰোধী- উভয় পক্ষই সমৰ্থন জনায়। তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলি আহমেদে কয় যে, তেওঁৰ দলৰ বিধায়কেও এমাহৰ দৰমহা বান সাহায্যৰ বাবে আগবঢ়াব।

একেদৰে এআইইউডিএফৰ বিধায়কসকলেও জানিবলৈ দিয়ে যে, দলৰ সভাপতি বদৰুদ্দিন আজমলে পূৰ্বেই ব্যক্তিগতভাৱে ২ কোটি টকাৰ সাহায্য ঘোষণা কৰাৰ উপৰি দলটোৰ সকলো বিধায়কে এমাহৰ দৰমহা দান কৰিব। লগতে দলৰ তৰফৰ পৰা অতিৰিক্ত ২ লাখ টকা সাহায্য হিচাপেও প্ৰদান কৰা হ’ব।

ইফালে, শাসকীয় বিজেপিয়েও ৰাজ্যজুৰি বান সাহায্যৰ বাবে ধন সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত দুই লাখ মহিলা আৰু দুই লাখ শিশুক কাপোৰ বিতৰণৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, এই কাৰ্যসূচীৰ বাবে প্ৰায় ১২ কোটি টকাৰ প্ৰয়োজন হ’ব। সেই উদ্দেশ্যে বিজেপি কৰ্মীসকলক আৰ্থিক সহায়ৰ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ বাহিৰৰ কৰ্মীসকলেও সহায়ৰ আশ্বাস দিছে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু উল্লেখ কৰে যে, ২ হাজাৰ টকালৈকে অনুদান স্থানীয় বিজেপি বিধায়কৰ জৰিয়তে দিব পাৰিব আৰু ইয়াতকৈ অধিক পৰিমাণৰ ধন দলৰ বেংক একাউণ্টত জমা দিব পাৰিব।

আনহাতে, কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই জানিবলৈ দিয়ে যে, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত কৃষকসকলক অহা চাৰি-পাঁচ দিনৰ ভিতৰত বিনামূলীয়াকৈ ধানৰ বীজ আৰু পুলি যোগান ধৰা হ’ব। এই বিতৰণ ব্যৱস্থা তেওঁ ব্যক্তিগতভাৱে তদাৰক কৰিব বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, যোৱা সপ্তাহত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি পুনৰ্বাসন আৰু সাহায্যৰ বাবে ব্যক্তিগতভাৱে ২ কোটি টকাৰ অনুদান ঘোষণা কৰিছিল। লগতে অসমৰ বাবে ১০ হাজাৰ কোটি টকাৰ বিশেষ সাহায্য পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল।

ইয়াৰ পূৰ্বে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় ৰাখি কেন্দ্ৰই সক্ৰিয়ভাৱে সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰিছিল।

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us