Stay in the loop

Subscribe to the newsletter for all the latest updates

[contact-form-7 id="cbf4cce" title="email"]

পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

Table of Content

বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব আৰু আধুনিক প্ৰযুক্তিনিৰ্ভৰ আৰক্ষী ব্যৱস্থাৰ জৰিয়তে আইন-শৃংখলা অধিক শক্তিশালী কৰি তোলা হ’ব।

সামাজিক মাধ্যম এক্সত ২০২১ চনৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে অপৰাধ আৰু বিচাৰ ব্যৱস্থাৰ বিভিন্ন পৰিসংখ্যা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত ৰাজ্যত ১ লাখ ৩৩ হাজাৰ ২৩৯টা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। ২০২৬ চনৰ জুন মাহলৈ সেই সংখ্যা ২০ হাজাৰ ৫৮২টালৈ নামি আহিছে। একে সময়তে প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৩৭৯ৰ পৰা ১১২লৈ হ্ৰাস পাইছে। তদন্তাধীন গোচৰৰ সংখ্যাও ৯২ শতাংশ কমি অহা বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিচাৰ প্ৰক্ৰিয়াতো উল্লেখযোগ্য উন্নতি ঘটিছে। অভিযোগপত্ৰ দাখিলৰ হাৰ ৩৯.৪ শতাংশৰ পৰা ৮৬.৬ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে দোষী সাব্যস্ত হোৱাৰ হাৰ ৬.১ শতাংশৰ পৰা ২৫.৩ শতাংশলৈ উন্নীত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “নিৰাপদ অসম গঢ়ি তোলাৰ লক্ষ্যৰে আমি অবিৰতভাৱে কাম কৰি আহিছোঁ। অপৰাধৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পোৱা আৰু বিচাৰ প্ৰক্ৰিয়াত হোৱা উন্নতিয়ে সেই অগ্ৰগতিক প্ৰতিফলিত কৰিছে। অসম আৰক্ষীয়ে আধুনিক, প্ৰযুক্তিনিৰ্ভৰ ব্যৱস্থা গ্ৰহণ কৰি এই অভিযান আগলৈও অব্যাহত ৰাখিব।”

Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *

Featured Posts

Featured Posts

Featured Posts

Follow Us